সৰ্থেবাৰীৰ তামূলী চুপাত দুই পাষণ্ডই হত্যা কৰিলে নিজ মাতৃক
সৰ্থেবাৰীৰ তামূলী চুপাত দুই পাষণ্ডই হত্যা কৰিলে নিজ মাতৃক।পুনৰ মানৱ সমাজত সংঘটিত হল নিকৃষ্ট কাণ্ড।মাতৃক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ শেষত দুই পাষণ্ড পুত্ৰই।৬৫ বছৰীয়া বৃদ্ধা সবিতা তালুকদাৰক নিৰ্মম ভাৱে হত্যা কৰে নিজ পুত্ৰ ৰাতুল তালুকদাৰ আৰু চন্দন তালুকদাৰে।বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত সৰ্থেবাৰী তামুলী চুপাত ভয়ংকৰ ঘটনা সংঘটিত হয়। মাতৃয়ে লোকৰ ঘৰত কাম বন কৰি, তাত শাল বৈ অনা টকা মদ খাবলৈ নিদিয়াৰ বাবে দুই মদাহী পাষণ্ড পুত্ৰই হত্যা কৰে নিজ মাতৃক। মাতৃক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষীয়ে আটক কৰে দুই পাষণ্ড পুত্ৰক।ৰাইজে জানিব দিয়া মতে এখন ATM কাৰ্ডৰ বাবে সঘনাই কাজিয়া কৰে দুই পুত্ৰই। কেইবছৰ মানৰ পূৰ্বে নিজ পিতৃয়েও এই দুই পাষণ্ডৰ অত্যাচাৰৰ বলি হৈ মৃত্যু হৈছিল। পুনৰ মাতৃক