কোকৰাঝাৰ জিলাত অনলাইন আৰু অফলাইন লটাৰী সম্পূৰ্ণৰূপে নিষিদ্ধ
কোকৰাঝাৰ জিলাত অনলাইন আৰু অফলাইন লটাৰী সম্পূৰ্ণৰূপে নিষিদ্ধ
কোকৰাঝাৰ, ১৯ অক্টোবৰ: অসমত অবৈধভাৱে অনুষ্ঠিত কৰা অনলাইন আৰু অফলাইন লটাৰীৰ বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত মাচান্দা এম. পাৰ্টিন এ আনুষ্ঠানিকভাৱে এটা আদেশ জাৰি কৰি সমগ্ৰ কোকৰাঝাৰ জিলাত লটাৰীৰ আয়োজন নিষিদ্ধ কৰিছে।
এই আদেশটো গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা PILৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে, য’ত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰান্তত অনুজ্ঞাবিহীনভাৱে লটাৰী চলাই থকা অভিযোগ উত্থাপন কৰা হৈছিল। PILৰ ভিত্তিত আদালতে ৰাজ্য চৰকাৰক সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক অনলাইন বা অফলাইন লটাৰী আয়োজনৰ অনুমতি নিদিবলৈ আৰু অবৈধভাৱে লটাৰী আয়োজন কৰা যিকোনো ব্যক্তি বা সংগঠনৰ ওপৰত তৎক্ষণাৎ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।
অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ নিৰ্দেশনা অনুসৰি, জিলা আয়ুক্তই BNSSৰ ধাৰা ১৬৩ অনুসৰি কোকৰাঝাৰ জিলাত যিকোনো ধৰণৰ লটাৰী আয়োজনত নিষেধাজ্ঞা আৰোপ কৰিছে। এই আদেশটো পৰৱৰ্তী নিৰ্দেশনা নোহোৱা পৰ্যন্ত বলবৎ থাকিব। নিৰ্দেশনা উলংঘা কৰা যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জিলা আয়ুক্তই সকলো ব্যক্তি আৰু সংগঠন সমুহক এই আদেশটো কঠোৰভাৱে পালন কৰাৰ আহ্বান জনাইছে আৰু লগতে অবৈধ লটাৰী কাৰ্যকলাপত জড়িত ন’হবলৈ অনুৰোধ কৰিছে।