জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আছুৰ

0

৮৬০ গৰাকী আত্ম বলিদানৰ ফলত হোৱা অসম চুক্তিৰ প্ৰাসংগিকতাক ন্যাৰ্যতা প্ৰদান কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দানে অসম আন্দোলন আৰু অসম চুক্তিৰ যুক্তযুক্ততাত পুনৰ প্ৰতিষ্ঠা কৰাৰ পৱিত্ৰ ক্ষণত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যোৱা কালি সন্ধিয়া নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে | আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাংগাঠনিক সম্পাদক ভাস্কৰ মহন্তই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আতঁধৰে দেৱাংগ ভূষণ বৰগোঁহায়ে | অনুষ্ঠানত ধ্ৰুৱজ্যোতি কলিতা আৰু ভাস্কৰ জ্যোতি বৰগোহাঁয়ে অসম চুক্তিৰ প্ৰাসংগিকতা আৰু শ্বহীদৰ আত্ম বলিদানৰ মহত্ত্বৰ বিষয়ে বিস্তাৰিত ভাৱে আলোকপাত কৰে | শ্বহীদলৈ শ্ৰদ্ধা জনাই মৌন প্ৰাৰ্থনাৰে আৰম্ভ কৰা অনুষ্ঠানত বিপ্লৱ গগৈ, সুমন দাস, চৰণ চাহুকে ধৰি আছুৰ নাজিৰা মহকুমা আঞ্চলিক সমিতৰ বিষয়াববীয়া সকলে অংশগ্রহণ কৰে

Leave A Reply

Your email address will not be published.