নাজিৰাত অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি ওৰে নিশা উদযাপিত হ’ল মুকলি জুৱাখেল

0

কাতি বিহুক লৈ ব্যস্ত হৈ পৰা দেখা গ’ল প্ৰতিজন চহা অসমীয়া | কিন্তু নাজিৰাত অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি ওৰে নিশা চলিল মুকলি জুৱাখেল | চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত ৰাজ্যবাসীয়ে জ্বলালে এগচিকৈ বন্তি | খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে কৃষকে | আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি | এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছে কাতি বিহু | লক্ষ্মীজান বামুনপুখুৰী সংযোগী ফ’ৰেষ্ট গেটৰ সমীপৰ চাৰিআলিৰ পৰা বামুনপুখুৰী চাহ বাগিছালৈ যোৱা পথটোত লক্ষ্মী পূজা আৰু কাতি বিহু দুটা দিনৰ বোলছবি প্ৰদৰ্শনৰ গইনা লৈ আৰক্ষীৰ নাকৰ তলতে নিশা মুকলিকৈ চলিল অবৈধ জুৱা খেল | পহৰাৰ নামত আৰক্ষীৰ ভেকু ভাও | জুৱাৰ বেহা বন্ধ কৰাত নিৰৱ ভূমিকা পালন আৰক্ষী প্ৰশাসনৰ | মেকিপুৰ লাইনৰ পিতা-পুত্ৰ দিপেন গোৱালা আৰু ৰগাৰ সহ কেইবাটাও জুৱাৰীৰ দলে ওৰে নিশা উদযাপিত কৰিলে জুৱাখেল

Leave A Reply

Your email address will not be published.