লামডিং খাঙাৰগাওঁ ৩ নং ৱাৰ্ডৰ মাত্ৰ এটুপি পানীৰ বাবেই কৃষকে মূৰে কঁপালে হাত দিবলগা হৈছে। পানীৰ অভাৱৰ বাবেই ভালদৰে বেঙেনা খেতি কৰিব পৰা নাই ৷
লামডিং খাঙাৰগাওঁ অঞ্চলত খেতি কৰাৰ বাবে পানীৰ অভাৱ৷ মাত্ৰ এটুপি পানীৰ বাবেই কৃষকে মূৰে কঁপালে হাত দিবলগা হৈছে। কৃষক সকলে পথাৰত বেঙেনা খেতিত কাম কৰা দেখা গৈছে । কৃষক সকলে পানীৰ অভাৱৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখিন হৈছে৷ লামডিং খাঙাৰগাওঁ কৃষক সকলে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অনুৰোধ কৰিছে যে পানীৰ ব্যৱস্থা কৰি দিয়াৰ বাবে৷ এই অঞ্চলত কৃষকে খেতি কৰাৰ বাবে নাপায় পানী। জলসিঞ্চন বিভাগটো গভীৰ নিদ্ৰাত থকাহে দেখা পোৱা যায়। কৃষক সকলে মূৰে কপালত হাত দিব লগা হৈছে পৰিয়াল কেনেকৈ চলাব৷ বজাৰত উচিত মূল্য নাপায়৷ মূল্য বৃদ্ধি প্ৰভাৱ পৰা দেখা পোৱা গৈছে৷ সেয়ে এতিয়া ভগবানৰ ওপৰত নিৰ্ভৰ কৰিছে। ফলত ৩নং ৱাৰ্ড খাঙাৰগাওঁ কৃষক সকলে এতিয়া এটুপি পানীৰ অভাৱত বহু কৃষিভূমিত ভাল দৰে খেতি কৰিব পৰা নাই৷ পানীৰ বাবে ভগৱানৰ ফালে চাই থাকিব লাগে