শিলচৰ আবৰ্ত ভৱনত ভয়ংকৰ ঘটনা
শিলচৰ আবৰ্ত ভৱনত ভয়ংকৰ ঘটনা। বন্দুকৰে মুৰত গুলীয়াই আত্মহত্যা এক আৰক্ষী জোৱানৰ ৷ মৃত আৰক্ষী জোৱান জনৰ নাম ঈশ্বৰ সিনহা । আবৰ্ত ভৱনৰ নিৰাপত্তা ৰক্ষী সকলৰ থকা কোঠাত নিজ চাৰ্বিছ বন্দুকৰে গুলীয়াই আত্মহত্যা কৰে অসম আৰক্ষীৰ জোৱান জনে । জোৱান জন আবৰ্ত ভৱনত কৰ্ত্যবত নিয়োজিত আছিলে। আজি দুপুৰীয়াৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা। ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জোৱান জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে। কি কাৰণত আৰক্ষী জোৱান জনে এনেদৰে আত্মহত্যাৰ পথ বাছি ললে ইয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে।