জয়পুৰত ভাগৱত পাঠ যোগে দ্বিতীয় বৈকুণ্ঠপুৰি লৈ পৰিণত হোৱা আজি সামৰণি দিন , সন্দীয়া ভাওনা প্ৰদৰ্শন, কৰ্ম প্ৰাণ ,কথা শিল্পী, ভাগৱত ব্যাখ্যাকাৰ লোহিত চন্দ্ৰ শৰ্মা সৈতে
নাহৰকটীয়া জয়পুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিস্তৰ অঞ্চল সামৰি জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে মানব সমাজৰ কল্যাণ আৰু আধ্যাত্মিক জ্ঞান অৰ্জন ৰ মহান উদ্দেশ্য শ্ৰী মদ্ভাগৱত মহাপুৰাণ অমৃত কথানুষ্টানৰ ১৪ অক্টোবৰ পৰা আৰম্ভণি হৈ থকা আজি পঞ্চম দিনা ভাগৱত ব্যাখ্যাকাৰ, কৰ্ম প্ৰাণ, কথা শিল্পী লোহিত চন্দ্ৰ দেৱ শৰ্মা সৈতে, ভাগৱত ওপৰত, সমাজ ৰ বিষয়ে বাৰ্তা কৰা হৈছিল। প্ৰতি দিনাই ১৫০০ ৰ পৰা ২০০০ ভকত বৈষ্ণৱ, আই , পুৰুষ, মহিলা,কিশোৰ কিশোৰী সকলে অমৃত কথানুষ্টানৰ শ্ৰৱণ কৰা দেখা গৈছে। আজি সন্দিয়া জয়পুৰ সন্মিলিত যুৱ শিল্পী সকল ৰ দ্বাৰা ভাওনা প্ৰদৰ্শিত হ’ব।