আপুনি বাৰু কেতিয়াবা প্ৰেম কৰিছে নেকি?

0

আপুনি বাৰু কেতিয়াবা প্ৰেম কৰিছে নেকি?
প্ৰেম শব্দটো শুনাৰ লগে লগে আপোনাৰ অনুভূতি কেনে হয় সেয়া অনুভৱ কৰিছিল নে ?


হৃদয়ত প্ৰেম জাগ্ৰিত হলে অন্তঃকৰণত এক মিঠা অনুৰণন সৃষ্টি হয়। প্ৰেমৰ বাবেই চলিছে এই বিশাল পৃথিৱীখন। কিন্তু সেয়া কেনে প্ৰেম। যাৰ ইমান শক্তি , যাৰ শক্তিত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড খনৰ সকলো জীৱক প্ৰেমৰ এনাজৰিৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। প্ৰেম হৈছে হৃদয়ৰ গোপন কুঠাৰ পৰা নিৰ্গত হোৱা এক মধুৰ সংগীত। এয়া এনে এক তৰংগ যিয়ে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সংগীত তৰংগ। প্ৰেমিক ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়। কিন্তু সেয়াই সত্য যে প্ৰেম আছে বুলি হে জগত খন জীয়াই আছে , জীয়াই আছে জীৱকুল ।


প্ৰেম আত্মাৰ আজন্ম সহযাত্ৰী।প্ৰেম সকলোৰে জীৱনলৈ আহে ৷কিন্তু প্ৰেম নে ভাললগা তাক প্ৰায় মানুহে পাৰ্থক্য কৰিব নোৱাৰে।প্ৰেমত সকলোৱে পৰে।কেতিয়াবা প্ৰেমে পূৰ্ণতা পায় কেতিয়াবা অপূৰ্ণ হৈ ৰ(বহুতেই ভাবে ) ৷যিহতু ভাবে বা কয় প্ৰেম ব্যাৰ্থ হ’ল,প্ৰকৃততে সিহঁতে প্ৰেমত পৰা নাছিল।সৌন্ধৰ্য চাই ভাল লাগিছিল বাবে ভাল পাইছিল।প্ৰেম ধুনীয়া বা সৌন্ধৰ্য চাই নহয়, চকুত চকু পৰিহে প্ৰেম হয়।প্ৰেম বাট চকুৰে হৃদয়লৈ।হৃদয়ৰ নিভৃত কোনত জগাই তোলে এক শিহৰণ।


প্ৰেম চিৰকালেই পূৰ্ণ , আৰু সয়ং সম্পূৰ্ণ ।প্ৰেমৰ অনুভৱেই নিসংগ সময়ক সংগীতময়, পূৰ্ণ কৰি তোলে।আত্মাৰ সতে আত্মাই কথা পাতে।বিপৰীতজনে ভাল পাব লাগে বুলি কথা নাই।যি সচাঁকৈয়ে প্ৰেমত পৰিছে সদায়ে উমি উমি জ্বলিব।এই জ্বলন পৃথিৱীৰ ভিতৰত সুমধুৰ। যি জীৱন বাটৰ শক্তি আৰু প্ৰেৰণাৰ উৎস।


প্ৰেম মানে সেয়া নহয় যে শাৰিৰীক সম্পৰ্ক হ’ব লাগিব? প্ৰেমৰ বাবে যদি মিলন অতি জৰুৰী তেন্তে বজাৰত দেহ কিয় বিক্ৰী হয়?
মিলন এক জৈৱিক প্ৰক্ৰিয়া।।এই জৈৱিকতাই যিকোনো নাৰী পুৰুষকে আকৰ্শিত কৰিব পাৰে। কিন্তু প্ৰেম ইয়াতকৈ বিপৰীত। মিলন নহলেও প্ৰেম জীয়াই থাকে আজীৱন।এবাৰ কাৰোবাৰ প্ৰেমত পৰিলে সেই স্থান কোনেও নাপায়।চেতন মনত কোনো ঠাই পালেও অৱচেতন মনত সেই প্ৰেমৰ ৰাজত্ব থাকি যায়।
প্ৰেম দুখ বা সুখৰ সময়ৰ এটোপাল চকুপানী,যি সৰি নপৰে। চকু বন্ধ কৰি প্ৰেমত পৰাজনৰ আত্মা চুই চোৱা,আত্মাৰ অস্তিত্ব অনুভৱ কৰা সেই নাম।প্ৰেম এপলক চোৱাৰ নাম।প্ৰেম এটি পল একে লগে খোজ কঢ়াৰ নাম ,এটি পল চুপ চাপ বহি এজনে আনজনৰ কষ্ট অনুভৱ কৰাৰ নাম।প্ৰেম ভালপোৱাজনৰ ওঁঠত হাঁহি বুলাই দিয়াৰ নাম।
প্ৰেম বাৰ বাৰ নহয়,সচাঁ প্ৰেম এবাৰে হয়।যি প্ৰেমৰ অনুভৱ আত্মাত চিৰদিনৰ বাবে ৰৈ যায়,যি অনুভৱে জীৱন বাটত আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে সেয়াই প্ৰকৃত প্ৰেম।
প্ৰেম অন্তৰৰ পৰা কৰা আৰাধনা।যিদৰে আমি ঈশ্বৰক আৰাধনা কৰো অন্তৰেৰে,ঠিক তেনেকৈ প্ৰেমকো অন্তৰেৰে আৰাধনা কৰা হয়।


তুমি বহুত ধুনীয়া।মই তোমাক ভাল পাওঁ,তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ।তুমি মোৰ হলে মই তোমাক সুখত ৰাখিম।তোমাক বহুত ভাল পাম।প্ৰেমৰ বাবেই এই জীৱন,জীৱন ক্ষন্তেকীয়া,প্ৰেম কৰি জীৱন উপভোগ কৰিব লাগে।ঠিক এই ধৰনেৰেই হিয়া দিয়া নিয়াৰ নাটক এখন ৰচা হয়।এটা সময়ত প্ৰেমৰ নামত স্বাৰ্থহে পুৰণ কৰাহে দেখা যায়।
এনে ধৰনৰ যান্ত্ৰীকতাই আৰু স্বাৰ্থপৰতাই প্ৰেমক কলঙ্কিত কৰিছে।
প্ৰেম মাথোঁ বিয়া কৰিবৰ বাবে,বা বিয়া বহিবৰ বাবে নহয়।বিয়া হলেই যেপূৰ্ণতা আৰু বিয়া নহলে ব্যাৰ্থতা।এই ব্যাৰ্থতাৰ বাবে বহু প্ৰেমিক প্ৰেমিকাই জীৱনটোৱে ধ্বংস কৰি পেলায় ,এনেকি শৰীৰত এচিড ঢালি হত্যাও কৰা ঘটনা বহুত দেখা পোৱা যায়। বাহ! কি প্ৰেম?
প্ৰেম হৈছে জোনাক ৰাতিৰ স্নিগ্ধ জোনাকী।এই প্ৰেমে যাক চুই যায় তাৰ জীৱন ধন্য ৷ তাৰ পৃথিৱী সেউজীয়া হৈ পৰে।ধৈৰ্যশালী হয়।মন উদাৰ হয়,সৃষ্টিশীল কৰি তোলে মনক।
সৃষ্টিশীলতাই নতুনকৈ চাবলৈ শিকায় পৃথিৱীখনক।অধিক আত্মবিশ্বাসী কৰি তোলে।নিজক ভাল পাবলৈ শিকায়।মানুহক ভাল পাবলৈ শিকায়।প্ৰেমে মানুহক সাহসী কৰি তোলে।ই মনক উদ্ধুদ্ধ কৰি তোলে সংগ্ৰাম কৰিবলৈ।
প্ৰেমিক/প্ৰেমিকাৰ সমস্ত দুখ নিজৰ কৰি লৈ সোতৰ বিপৰীতে যুজ দিবলৈ সাজু কৰি তোলে।
বুকুৰ বিষাদকে শক্তি কৰি ললেই জীৱনত সফলতাৰ উচ্চ শিখৰ চুব পাৰি ।প্ৰেমেই হাত ধৰি লৈ যায় সু উচ্চ শিখৰলৈ।
প্ৰেম এক পবিত্ৰ আৰাধনা।বিবাহ এক পবিত্ৰ বন্ধন।এই বন্ধনত প্ৰয়োজন বিশ্বাস,বন্ধুত্ব আৰু মৰম।
কিন্তু প্ৰেম কাৰো অধীন নহয়,স্বাৰ্থপৰ নহয়।কাৰো পৰা একো দাবী নকৰে,যিমান পাৰে নিজে দিবলৈ চেষ্টা কৰে।প্ৰেম হৃদয়ৰ এক স্বতঃস্ফুৰ্ত অনুৰণন৷
প্ৰেম স্বৰ্গীয় অনুভুতি,ইয়াক অনুভৱ কৰিবলৈ পবিত্ৰ মনৰ প্ৰয়োজন।প্ৰেম অমৰ,অপৰিবৰ্তনশীল।

Leave A Reply

Your email address will not be published.