আজি আদৰ্শ মাৰ্কাজ একাডেমি, বালিমুখত দিনজুৰা কাৰ্য্যসূচীৰে চিৰাতুন নবী উৎযাপন

0

মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত আদৰ্শ মাৰ্কাজ একাডেমি, বালিমুখত দিন জোৰা কাৰ্য্যসূচীৰে চিৰাতুন নবী উৎযাপন কৰা হয় ৷ হোজাই স্থিত মাৰ্কাজুল মা’আৰিফৰ তত্ত্বাৱধানত চলা ব্যতিক্ৰমী তথা ব্যক্তিগত খণ্ডৰ উন্নত মানৰ অসমীয়া মাধ্যমৰ বিদ্যালয় খনত উলহমালহেৰে দিনযোৰা কাৰ্য্যসূচীৰে প্ৰথমে কেৰাত পাঠ কৰি কাৰ্য্যসূচীৰ সূভাৰম্ভণি কৰে ৷ বিদ্যালয় খনত আজি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কেৰাত পাঠ, গজল, জিকিৰ জাৰীৰ লগতে পয়গম্বৰ হজৰত মহাম্মদ চাহাবৰ জীৱনীৰ লগতে তেখেতে মানুহৰ চৰিত্ৰ গঠন আৰু ভাতৃত্ববোধৰ বাবে শিক্ষাৰ ওপৰত কেনেকুৱা গুৰুত্ব দিছিল তাৰ ওপৰত ইংৰাজী বক্তৃতা, কুইজ , আদি বিভিন্ন ধৰণৰ প্ৰতিযোগীতা মূলক অনুষ্ঠানৰ আয়োজন কৰে শিক্ষানুষ্ঠানটোৱে ৷ আবেলি ২ বজাত অনুষ্ঠিত হয় বঁটা বিতৰণী ও মুকলি সভা ৷ এই গাম্ভীৰ্য পূৰ্ণ সভাখনত সভাপতিত্ব কৰে মৌলানা ইয়াকুৱ আলী চাহাবে ৷ আমন্ত্ৰিত অতিথি হোজাই স্থিত মাৰ্কাজু’ল মা’আৰিফৰ প্ৰতিনিধী তথা ছাইৰামীৰ হোষ্টেল ইনচাৰ্জ গিয়াচ উদ্দিন কাছীমী চাহাবৰ লগতে বৰালিমাৰী এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আবুল হুছেইন , সমাজসেৱক ও শিক্ষক হাৰিছ আলী চাহাব আৰু অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি সকল ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক / অভিভাৱিকা সকল উপস্থিত থাকে ৷ কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ ইংৰাজীত দিয়া বক্তৃতা, শুনি সভাত উপস্থিত থকা বিভিন্ন ব্যক্তি সকলে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে প্ৰসংসা কৰে বিদ্যালয়ৰ শিক্ষক সকলকো ৷

Leave A Reply

Your email address will not be published.