প্ৰকৃততে ডাইনী আছে নেকি সমাজত।

0

কোনো ব্যক্তিক ডাইনী বুলি যিকোনো প্ৰকাৰে অভিহিত কৰাটো কিমান গ্ৰহণ যোগ্য । প্ৰকৃততে ডাইনী আছে নেকি সমাজত।

ডাইনী সন্দেহত হত্যা অন্ধবিশ্বাসৰ আটাইতকৈ ভয় লগা আৰু চৰম দিশ। যাৰ ফলত আজিও বহু পৰিয়াল সমাজৰ পৰা বঞ্চিত হৈ আছে।
ডাইনী অপৰাধ নিয়ন্ত্ৰণৰ বাবে প্ৰথম আৰু আটাইতকৈ কৰণীয় দিশটো হৈছে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা। যাতে অন্ধ বিশ্বাসৰ পৰা দূৰত থাকি এখন নিকা সমাজ গঠন কৰা। যাৰ বাবে বিভাগৰ দায়িত্বত থকা বিষয় ববিয়া সকলে গুৰুত্ব প্ৰদান কৰি সপ্তাহে মাহে এবাৰ কৈ হলেও সজাগতা সভা বা বাটৰ নাট আদি অভিৰত বাবে ৰক্ষা কৰি গলে সমাজৰ এনে ব্যাধি দুৰ কৰাত যথেষ্ট সহায় কৰে । কিন্তু সেই বাবে বছৰত এবাৰ বা দুবাৰ এখন ডকুমেণ্টেৰী বা বাটৰ নাটক কৰি আহিলেই সজাগতা বৃদ্ধি নহয়। সমাজৰ বাবে এই বিষয়টো ৰাজ্য চৰকাৰেও অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে গ্ৰহণ কৰিছে। অসমৰ ডাইনী সমস্যা নিয়ন্ত্ৰণৰ বাবে অসম বিধানসভাত ডাইনী অপৰাধ আইন, ২০১৫ গৃহীত হৈছে আৰু২০০২ চনৰপৰা অসমত ১৩০টা জীৱন ডাইনী সন্দেহত নিশ্চিহ্ন কৰা হৈছে।

বেমাৰ-আজাৰৰ বাবে ডাইনীক সন্দেহলৈ অনাটোৰ বাবে মূল দায়ী কাৰক হৈছে ভিতৰুৱা গাঁও অঞ্চলত সুচিকিৎসাৰ অভাৱ।বৰ্তমানৰ পৰিবৰ্তনগামি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে যিমানেই ম’বাইল ফোনৰ প্ৰসাৰ বা সামাজিক মাধ্যমৰ ফেচবুকৰ প্ৰসাৰৰ বাবে বাহ বাহ ল’ব নিবিচাৰক কিয়, প্ৰকৃত সত্যটো এয়াই হয় যে ৰাজ্যত এতিয়াও এনে কিছুমান ভিতৰুৱা গাঁও অঞ্চল আছে যত চিকিৎসা, যাতায়ত বা খোৱা-পানী আদি কৰি অত্যন্ত মৌলিক বিধৰ হাজাৰ সমস্যা বিদ্যমান হৈ আছে। আজিও এনে কিছু ভিতৰুৱা গাঁও আছে যত ডক্তৰ যাবলৈ টান পায়। প্ৰশ্ন হয় গাঁৱলৈ ডাক্তৰ কিয় নাযায়? চহৰত পইচা ঘটাত ব্যস্ত থাকে নেকি ডক্তৰ।


য’ত সৰু চহৰৰ জীয়ৰীগৰাকীয়ে গাঁৱলৈ বোৱাৰী হৈ যাব নোখোজে! য’ত ৰাস্তাই নাই, প্ৰাথমিক চিকিৎসা কেন্দ্ৰত এটা ঘৰেই নাই, থাকিলেও ঔষধ নাই, বহু ঠাইত আনকি নিৰাপত্তাও নাই, চিকিৎসাত গণ্ডগোল হ’লে মাৰ খোৱাৰ সম্ভাৱনা প্ৰৱল। আকৌ এইবিলাক চব তুচ্ছ কৰি ডাক্তৰী এটা মহৎ বৃত্তি বুলি লোৱা ব্যক্তিয়ে হয়তো সমাজত কিছু সজাগতা আনিবলৈ সক্ষম হব।

এজন ব্যক্তিক বেজে ডাইনী বুলি বিধান দিলে, আৰু সেই ব্যক্তিৰ চিকিৎসাৰ অভাৱত মৃত্যুৰ বাবে দায়ী বুলি খঙতে হিতাহিত জ্ঞান হেৰুৱাই মই সেই ডাইনীক হত্যা কৰা কিমান গ্ৰহণ যোগ্য। যিহেতু অসমৰ ডাইনী সমস্যা নিয়ন্ত্ৰণৰ বাবে অসম বিধানসভাত ডাইনী অপৰাধ আইন, ২০১৫ গৃহীত হৈছে। ২০০২ চনৰপৰা অসমত ১৩০টা জীৱন ইতিমধ্যে ডাইনী সন্দেহত নিশ্চিহ্ন কৰিবলৈ সক্ষম হৈছে। গতিকে আহক আমি সকলো একত্ৰিত হৈ সমাজৰ পৰা অন্ধ বিশ্বাস দুৰ কৰোঁ আৰু এখন নিকা আৰু সুস্থ সমাজ গঢ়ী তুলো।

Leave A Reply

Your email address will not be published.