৮০ বছৰীয়াঐতিহ্যমণ্ডিত জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ত উখল মাখল পৰিৱেশ

0

নগাঁও জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ১৯৪৪ চনতেই স্থাপন হোৱা তথা প্ৰজন্মৰ পিছত প্ৰজন্মই শৈক্ষিক দিশত উত্তৰন ঘটাই সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা অহা বিদ্যালয় খনত প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী, অতিথি সকলৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পাছত আৰম্ভ হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা বিশিষ্টা কন্ঠ শিল্পী অঞ্জলি কটকীয়ে। শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট আৰু কিংকিনি ভটাচায্যই। ইফালে কাইলৈ পুৱাৰ ভাগত আয়োজন কৰা হৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ আলোচনা চক্ৰ “প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুবমানসিকতা আৰু সামাজিক দায়বদ্ধতা” আৰু দুপৰীয়া মুকলি কুইজৰ অনুষ্ঠান।

Leave A Reply

Your email address will not be published.