চক্ৰৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰদান স্মাৰক পত্ৰ
সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত ১৫ টা দল-সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান
চক্ৰৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰদান স্মাৰক পত্ৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত স্মাৰক পত্ৰ প্ৰদানসৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ১৫ টা দল-সংগঠনে প্ৰদান কৰে স্মাৰক পত্ৰ ।ঐতিহাসিক সৰ্থেবাৰী অঞ্চলৰ স্বাভিমান তথা প্ৰশাসনিক ক্ষেত্ৰৰ হৃদপিণ্ড স্বৰূপ সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত এইদৰে ওলাই আহিল পুৰুষ- মহিলা।সৰ্থেবাৰী ৰাজহ চক্ৰ সুৰক্ষা সমিতিৰ নেতৃত্বত বিভিন্ন দল-সংগঠনে বিভিন্ন শ্লোগানেৰে সমদল কৰি সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনৰ হাতত অৰ্পণ কৰে ১৫ খনকৈ স্মাৰক পত্ৰ।সৰ্থেবাৰী ৰাজহ চক্ৰ সুৰক্ষা সমিতি, অসম গণ পৰিষদ দলৰ ক্ৰমে মধ্য সৰুক্ষেত্ৰী আঞ্চলিক সমিতি, দক্ষিণ পূব পাকা আঞ্চলিক সমিতি, উত্তৰ পূব সৰুক্ষেত্ৰী আঞ্চলিক সমিতি, পশ্চিম সৰুক্ষেত্ৰী আঞ্চলিক সমিতি, সৰ্থেবাৰী পৌৰসভা আঞ্চলিক সমিতি, পূব সৰুক্ষেত্ৰী আঞ্চলিক সমিতি, দক্ষিণ পশ্চিম সৰুক্ষেত্ৰী আঞ্চলিক সমিতি, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৯ নং পূব পাকা মণ্ডল কংগ্ৰেছ কমিটি, বতিয়া গাঁও উন্নয়ন সমিতি, পল্লা-সত্ৰ গাঁও উন্নয়ন সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি, সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা, লচিমা গাঁও উন্নতি সাধিনী সভা, ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সৰুক্ষেত্ৰী লোকেল কমিটিয়ে প্ৰদান কৰে স্মাৰক পত্ৰ