দলগাও বিধান সভা সমষ্টিত চলিছে উন্নয়নৰ জোৱাৰ
দলগাও বিধান সভা সমষ্টিৰ চাৰিওফালে এতিয়া চলিছে কেৱল উন্নয়নৰ জোৱাৰ।দৈনিক বজাৰকে আদি কৰি সকলো পকীকৰণ হৈছে ৰাস্তা ঘাট। বিগত ১৫ বছৰে কৰিব নোৱাৰা কাম ৩ বছৰতেই কৰি দেখুওৱালে বিধায়ক মজিবুৰ ৰহমানে। আজিও দলগাও বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ৯টাকৈ পকী পথৰ দ্বাৰ মুকলি কৰিলে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে দৰঙৰ সৰ্ব বৃহৎ খাৰুপেটীয়াৰ বালুগাঁও পাচলি বজাৰত প্ৰায় ৬৪ লাখ টকা ব্যয় কৰি ইটাৰে সম্পূৰ্ণ বজাৰ পকীকৰণ কৰি ৰাইজৰ সুবিধা কৰি দিয়ে। আনহাতে বিহুদীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত Construction of CC Block Road From N.H.15 Road to Abdul Mazid House at Khetaswar, Construction of cc block Road From NH15 Road to Nur Hussain Houseৰ লগতে বিভিন্ন আচনিৰ ৩ কোটি ১৮ লাখ টকাৰ পৃথকে পৃথকে ৯টাকৈ পকীপথৰ দ্বাৰ মুকলি কৰে। সকলো সময়তে বোকাময় হৈ থকা বালুগাও বজাৰখন পকীকৰণৰ লগতে বিধায়ক মজিবুৰ ৰহমানৰ প্ৰচেষ্টাত ৰাইজৰ বাবে খোৱা পানীৰ ব্যৱস্থা শৌচালয়ৰ ব্যৱস্থা আদি নিৰ্মাণ কৰি দিয়ে। সমষ্টি খনৰ বিভিন্ন পঞ্চায়তত ৰূপায়ন হোৱা উন্নয়ন মুলক আচনিৰ শুভ উন্মোচনত বিধায়ক মজিবুৰ ৰহমান, জিলা মুখ্য কাৰ্যবাহী বিষয়া মানস দাস ,দলগাও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়া ৰূপামণি বৰা, যুৱ নেতা মাইনুদ্দিন আহমেদ উপস্থিত থাকে।