ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে গোপন এক তথ্যৰ ভিত্তিত কাউনবাৰীত অভিযান চলায় ৷
ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে গোপন এক তথ্যৰ ভিত্তিত কাউনবাৰীত অভিযান চলায় ৷
আৰক্ষীৰে অভিযানত চলাই পুৱতি নিশা বুজন সংখ্যক পশুধন জব্দ কৰাৰ লগতে দুজনকৈ পশুধন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
পশুধন সৰবৰাহকাৰী দুজনৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা ৪ টাকৈ ম’হ, ১৮ টা গৰুৰ লগতে এটা ইঞ্জিন চালিত নাও আৰু দুটাকৈ মোৱাইল হেন্ডছেট জব্দ কৰিবলৈ সক্ষম হয়।
আটকাধীন পশুধন সৰবৰাহকাৰী দুজন ক্ৰমে গৌৰীপুৰ থানাৰ অন্তৰ্গত চৌতৰাৰ বেল্লাল হুছেইন আৰু ময়নাল হক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে ৷
পিছত গৌৰীপুৰ আৰক্ষীয়ে আটকাধীন পশুধন সৰবৰাহকাৰী দুজনক আটক কৰি লৈ অনাৰ লগতে জব্দকৃত পশুধন আৰু ইঞ্জিন চালিত নাওখন গৌৰীপুৰ আৰক্ষী থানালৈ লৈ আনে।
অধিক তথ্যৰ বাবে গৌৰীপুৰ আৰক্ষীয়ে আটকাধিন পশুধন সৰবৰাহকাৰী দুজনক সোধাপোছ অব্যাহত ৰাখিছে বুলি এক বিশেষ সুত্ৰে জানিব পৰা গৈছে ৷
গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে দীৰ্ঘ দিনৰ পৰা মাৰাথন অভিযান চলাই অহাৰ সময়ে চোৰাং গৰুৰ সৰবৰাহকাৰী সকলে চকুত ধুলিদি চোৰাং গৰুৰ ৰমৰমীয়া বেহা চলোৱাৰ চেষ্টা চলাই আহিছে যদিও গৌৰীপুৰ আৰক্ষীৰ চকুত ধুলি দিৱ পৰা নাই চোৰাং গৰুৰ সৰবৰাহকাৰী সকলে ৷
আগে—আগে চোৰাং গৰু আৰু সৰবৰাহকাৰী সকল পিছে—পিছে গৌৰীপুৰ আৰক্ষীৰ দল ৷
কম সময়ৰ ভিতৰতে চোৰাং গৰুৰ মালিকৰ নাম পোহৰলৈ আহিৱ আমাৰ হাতত ৷
তথ্য সহকাৰে আমি চোৰাং গৰুৰ মালিক আৰু এই গৰু , মহবোৰ যন্ত্ৰচালিত নাওৰে নদী পথৰে কত যায় সেই সবিশেষ তথ্য পোহৰলৈ অনাৰ চেষ্টা কৰিম ৷