বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠান সম্পন্ন
বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠান সম্পন্ন
যোৰহাট জিলাৰ ইতিহাস প্ৰসিদ্ধ বামুণ পুখুৰীৰ পাৰত অৱস্থিত গৰিমামণ্ডিত আৰু প্ৰাচীন শিক্ষানুষ্ঠান বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তী সমাৰোহৰ শুভাৰম্ভণি অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। ১৯৪৫ চনত স্থাপিত শিক্ষনুষ্ঠান খনে ২০২০ চনতে গৌৰৱোজ্জল ৭৫ টা বছৰ সম্পূৰ্ণ কৰিলে যদিও কভিডকালীন পৰিস্থিতিৰ বাবে পলমকৈ মহাৰজত জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ আজি শুভাৰম্ভণি অনুষ্ঠানত পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষয়িত্ৰী গীতাঞ্জলী তাৱে। ইয়াৰ পিছতেই মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঋষেশ্বৰ শৰ্মাই আৰু ৭৫ খন পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শুভাকাংক্ষী সকলে। পতাকা উত্তোলন স্থলিতে স্মৃতি তৰ্পণ কৰে ৰূপা দত্ত বৰাই। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে এক মনোমোহা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে। প্রকৃতি ৰক্ষাৰ মন্ত্ৰৰে এই জয়ন্তীৰ লগত সংগতি ৰাখি স্থানীয় স্বেচ্ছাসেৱী সংগঠন পদুম এচোছিয়েচনৰ উদ্যোগত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে সমবায় বিভাগৰ অৱসৰ প্ৰাপ্ত পঞ্জীয়ক খগেন্দ্ৰ নাথ বৰাই। গছপুলি ৰোপনৰ পিছত পুৱা গুৰু প্ৰণাম আৰু সম্বৰ্দ্ধনা কাৰ্যসূচী অনুষ্ঠিত হয়। দুপৰীয়াৰ ভাগত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ঋষেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খন উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক,বিশিষ্ট নিৱন্ধকাৰ নিৰেন বৰুৱাই। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা নিতাইপুখুৰী হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ বৰাই আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ তথা প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান যজ্ঞেশ্বৰ শৰ্মা, আৰু নিদিষ্ট বক্তা হিচাপে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা দিল্লীস্থিত কৃষি মন্ত্ৰণালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা দেৱজিৎ খাউণ্ড। বিয়লি প্ৰাক্তন ছাত্ৰ ছাত্ৰী , শিক্ষক কৰ্মচাৰী সকলৰ অন্তৰংগ অনুষ্ঠান আৰু এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ।