জাআলি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰাজমানী চুড়ান্ত নৈশ ফুটবল খেল সফল সামৰণি
নগাঁৱৰ কচুৱাৰ ৰজাআলি আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত ৰজাআলি খেলপথাৰত বাৰ্ষিক এককালিন প্ৰাজমানী ফুটবলৰ চুড়ান্ত খেলখন সোমবাৰে নিশা অনুষ্ঠিত হয় । এই প্ৰাজমানী ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ডিমাপুৰ টাউন ক্লাব এফ চি ফুটবল দল বনাম বৈঠালাংছু এফ চি ফুটবল দলৰ মাজত। দুয়োটা দলৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাত দুই শূণ্য (২.০)গলৰ ব্যৱধানত ডিমাপুৰ টাউন ক্লাব এফ চি দলে জয়ী হয়। বিজয়ী ফুটবল দলটোক প্ৰথম পুৰস্কাৰ হিচাপে ট্ৰফি আৰু নগদ ৫১ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ট্ৰফি আৰু ৩১ হাজাৰ টকা আগবঢ়াই। কালি অনুষ্ঠিত হৈ যোৱা নৈশ চুড়ান্ত ফাইনেল ফুটবল খেলখনত উপস্থিত থাকে নগাঁও জিলাৰ আমছুৰ সভাপতি আব্দুল নুৰ, শিক্ষক মতিউৰ ৰহমান, আব্দুল ৰহিম, কচুৱা প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল ইছলামৰ লগতে সমাজৰ বহু গণ্য মান্য ব্যক্তি সকল। খেলখনত বহু দূৰ দূৰণিৰ পৰা অহা হাজাৰ হাজাৰ ক্ৰীড়া প্ৰেমী দৰ্শক আৰু ৰাইজৰ সহায় সহযোগিতাত খেলখন সফল সামৰণিত খেল পৰিচালনা সমিতিৰ সভাপতি জহুৰ আলী আৰু সম্পাদক জাকিৰ হুছেইনে ধন্যবাদ জ্ঞাপন কৰে।