সৰ্থেবাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ ভিক্টৰ গ্ৰুপৰ উদ্যোগত “সৰুক্ষেত্ৰী গ্ৰন্থমেলা’’৷ছয়দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৱ গ্ৰন্থমেলা
ঐতিহাসিক সৰ্থেবাৰীত আজিৰে পৰা আৰম্ভ হল সপ্তদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা।ভিক্টৰ গ্ৰুপৰ উদ্যোগত আয়োজন কৰা সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে শিক্ষা বিষয়া সীমান্ত ডেকাই।প্ৰায় কুৰিটাকৈ প্ৰকাশন প্ৰতিস্থানে অংশ গ্ৰহণকৰা এই গ্ৰন্থমেলা ১০ নবেম্বৰলৈ চলিব। সমগ্ৰ অঞ্চলটোৰবাবে গুৰুত্বপূৰ্ণ এই গ্ৰন্থমেলাৰ বাকৰি৷ আজি প্ৰথম দিনত ভিক্টৰ গ্ৰুপৰ মুল পতাকা উত্তোলন কৰে উৎযাপন সমিটিৰ সভাপতি পৰাগ ডেকাই৷ইয়াৰ লগতে গছপুলি ৰোপন কৰে সৰ্থেবাৰীস্থিত বাপুজী মহাবিদ্যালয়,সৰুক্ষেত্ৰীৰ অবসৰপ্ৰাপ্ত উপাধ্যাক্ষা ৰুনু দাস আৰু বিশিষ্ট ব্যাৱসায়ী খগেশ্বৰ ডেকাই৷ইয়াৰ লগতে মুখ্য তৰ্পক হিচাপে উপস্থিত থাকে বৰপেটা জিলা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা শিক্ষাৰত্ন লিলাধৰ দাস,চেঙা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতা উপস্থিত থাকে৷৷ইয়াৰ লগতে বন্তি প্ৰজ্বলন কৰে সৰ্থেবাৰীৰ সুযোগ্য সন্তান তথা নলবাৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা উপস্থিত থাকে৷আনফালে সপ্তদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ মুখ্যদ্বাৰ উদঘাটন কৰে শিক্ষাবিষয়া সীমান্ত কুমাৰ ডেকাৰ লগতে ভিক্টৰ গ্ৰুপৰ সমুহ সদস্যই সহযোগ কৰে৷৷এই গ্ৰন্থমমলাৰ বাকৰিত গ্ৰন্থ উন্মোচন,ছাত্ৰছাত্ৰী সকলৰ মাজত নৃত,সংগীত,কুইজ,চিত্ৰাঙ্কন প্ৰতিযোগিতা,স্মৃতি পৰীক্ষাৰ লগতে বিভিন্ন ধৰনৰ খেলধেমালি ও আয়োজন কৰা হৱ৷অইনবেলিৰ দৰে এইবাৰও প্ৰতিদিনে এই গ্ৰন্থমেলাৰ বাকৰিত চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান বৰপেটা আৰু নলবাৰী জিলাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰছাত্ৰী সকলেও ও অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে৷৷আজি প্ৰথম দিনতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰছাত্ৰী সকল ও উপস্থিত হোৱা দেখা গৈছে৷