৭০ দশকত ভূপেনদাৰ গীতত বাদ্য যন্ত্ৰ সংগত কৰা চহা শিল্পী হেম গগৈয়ে এনেদৰে স্মৰণ কৰিলে মৃত্যু তিথিত

0

মানুহজনৰ নাম হেম গগৈ। ঘৰ যোৰহাট জিলাৰ চেলেংহাট মাজুনগঞা গাঁৱত।আজি বহুতৰ বাবে অপৰিচিত হলেও ব্যক্তিজনৰ আছে এক সুকীয়া পৰিচয়। এই ব্যক্তিজনৰ বাঁহীৰ সুৰ আৰু ঢোল পেপাঁৰ মাতত এসময়ত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ বহুকেইটা কালজয়ী গীত। তেওঁ ৭০ দশকতে গাঁওৰ চুকৰ পৰা গৈ কলিকতাৰ ভ্ৰাইবেছন ষ্টুডিঅ’ত ড০ ভূপেন হাজৰিকাৰ সৈতে গীতৰ ৰেকডিং কৰিছিল। সুধাকন্ঠৰ বৰ্ণিল সাংগীতিক যাত্ৰাৰ সাক্ষী তেওঁ।লুইতৰ পৰা টেমছলৈকে সুৰ তুলিছিল সুৰীয়া বাঁহীটোত।তেঁওৰ ঢোল পেপাঁৰ মাত ৰজন জনাইছিল ভূপেনদাৰ বিহুগীতত। জেতুকা কেচেটৰ বাণীবন্ধনৰ বাবে ভূপেন হাজৰিকাৰ সৈতে কলিকতাত বাদ্যযন্ত্ৰ সংগত কৰিবলৈ গৈ ঘূৰি অহা পলম হোৱা বাবে নিজৰ গৃহৰক্ষী বাহিনীৰ চাকৰিটো হেৰুৱাব লগা হৈছিল হেম গগৈয়ে।কিন্তু সুধাকন্ঠৰ এখন চিঠিৰ বাবে কথমপি বাচিছিল চাকৰি। এইগৰাকী প্ৰচাৰবিমুখ চহা শিল্পী হেম গগৈক আজিৰ নতুন প্ৰজন্মই চিনি নেপায়।সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত তেঁও প্ৰতি বছৰে নিজৰ পিতৃৰ মৃত্যু তিথিৰ দৰে পালন কৰি আহিছে।পুৱাই সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত ধুপ চাকি জ্বলাই সেৱা নিবেদিছে এই গৰাকী চহা শিল্পী হেম গগৈয়ে।

Leave A Reply

Your email address will not be published.