অৱশেষত নিৰুদ্দেশ হোৱা ৰাহুল শেখৰ মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ,
অৱশেষত নিৰুদ্দেশ হোৱা ৰাহুল শেখৰ মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ,
লক্ষীপুৰ থানা অঞ্চলৰ জুজাং পাহাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিৰুদ্দেশ হোৱা বিৰি ফেৰীওয়ালা ৰাহুল শেখ (৩০)ৰ মৃতদেহ উদ্ধাৰ হৈছে । বৃহস্পতিবাৰে বিয়লি ৰাহুলৰ মৃতদেহ জুজাং পাহাৰৰ পৰা ৫০০ মিটাৰ তলত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে । যোৱা ৪ নৱেম্বৰ, সোমবাৰে নিশা প্ৰায় ২.৩০ বজাত ৰাহুল শেখ নিৰুদ্দেশ হৈছিল জুজাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা। লক্ষীপুৰ আৰক্ষীৰ সহায় নোলোৱাকৈ ৰাহুলৰ পিতৃ আব্দুল হালিম শ্বেখে নিজৰ মানুহৰ সহযোগত তালাচী চলাই গাঁতত পুতি থোৱা পুত্ৰ ৰাহুলৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাৰ দিনা ৰাহুলক অপহৰণ কৰি হত্যা কৰা বুলি সন্দেহ কৰি মৃত ৰাহুলৰ পিতৃয়ে লক্ষীপুৰ থানাত গোচৰ ৰুজু কৰিছিল । বিবৃতিটোত বিড়ি ব্যৱসায়ী তাছিৰ শ্বেখ আৰু আবু শ্বেখৰ নাম উল্লেখ কৰিছে। লক্ষীপুৰ আৰক্ষীয়ে তাছিৰ শ্বেখক থানালৈ আনি মুকলি কৰি দিয়ে।
জানিব পড়া মতে, সোমবাৰে ৰাহুল আৰু তাছিৰ পৃথকে পৃথকে জিৰিঘাটৰ বজাৰলৈ বিড়ি ফেৰী দিবলৈ গৈছিল। জিৰিঘাট বজাৰত এজন ডাঙৰ ব্যৱসায়ীৰ সন্মুখত ৰাহুল আৰু তাছিৰৰ মাজত কাজিয়া হৈছিল। তাৰ পিছত ৰাহুলে জিৰিঘাটৰ পৰা বাইক লৈ শিলচৰলৈ ৰওয়ানা দিয়ে l আৰু তাছিৰ পিছফালে খেদি যায় । তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে ৰাহুল বুলি অভিযোগ মৃতৰ পিতৃৰ । পিছত জুজাং পাহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাহুলৰ বাইক, বিড়ি আৰু চাট্টি উদ্ধাৰ হয়। ঘটনাৰ খবৰ দিয়াৰ পিছতে ৰাহুলৰ পিতৃয়ে লক্ষীপুৰ থানাত গোচৰ ৰুজু কৰে । কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়ে বুলি ৰাহুলৰ পিতৃয়ে অভিযোগ l