আজিৰ ৰাশি ফল……

0

মেষ ৰাশি – ডিঙি/ ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব পাৰে।ইয়াক আপুনি অৱহেলা নকৰিব ,বিশেষ কৈ যেতিয়া আপুনি দুৰ্বলো অনুভৱ কৰিব। আজিৰ দিনা বিশ্ৰাম কৰাটো বহুত জৰুৰী। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আপুনি নিজৰ সমস্যা সমূহ পাহৰি পৰিয়ালৰ লগত ভাল সময় অতিবাহিত কৰক। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।

শুভ নম্বৰ :- 5

শুভ ৰং :- সেউজীয়া আৰু ৰত্ন

চিকিৎসা :- পনীয়া বস্তুৰ সেৱন স্বাস্থ্যৰ বাবে অতি উত্তম।

বৃষ ৰাশি – আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক।ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ’ব আৰু চিন্তা ধাৰাও সলনি কৰিব,ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ’ব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্ত আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হব জনে সচাকৈ আপোনাক বুজি পায়। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- আৰ্থিক সফলতাৰ বাবে মদ্যপান আৰু ধুম্ৰ্যপান পৰিহাৰ কৰক।

মিথুন ৰাশি – আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা বুজি পাব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বাদ-বিবাদ হব পাৰে।

শুভ নম্বৰ :- 2

শুভ ৰং :- ৰূপালী আৰু বগা

চিকিৎসা :- কোনোবা ভিখাৰী অথবা বিকলাংগ ব্যক্তিক আহাৰ গ্ৰহণ কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।

কৰ্কট ৰাশি – আপোনাৰ জীবনক চিৰ স্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। সাৱধান থাকক ! কাৰণ প্ৰেমত পৰা আজিৰ দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। যদি আপুনি বিদেশত চাকৰি কৰিবৰ বাবে আবেদন কৰিব বিচাৰে ,তেন্তে আজিৰ দিনটো বহুত ভাল হয়। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হব নোৱাৰিব। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে।

শুভ নম্বৰ :- 6

শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া

চিকিৎসা :- সাধু-সন্তক সেৱা কৰিলে আৰু আহাৰ গ্ৰহণ কৰালে স্বাস্থ্য ভাল থাকিব।

সিংহ ৰাশি – আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিক ভাৱে সুস্থ হোৱা বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। কোনোবা নিকতৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশাংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হব। আপোনাৰ ঘৰৰ মানুহ আপোনাৰ চেষ্টা আৰু সমৰ্পনক বহুত প্ৰশংসা কৰিব। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- নদীত বগা আৰু ক’লা তিল ভহাই দিলে প্ৰেম সম্বন্ধ অধিক ভাল হব।

কন্যা ৰাশি – আপোনাৰ জীৱন সংংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক ।আপোনাৰ সন্তানও ঘৰত সুখী অৰু শান্ত পৰিৱেশ লাভ কৰিব । ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। বন্ধু আৰু পাৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। যিবিলাক লোক এতিয়ালৈ বেকাৰ হৈ আছে সিহতে আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিবৰ দৰকাৰ। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। মানুহৰ লগত কথা পাতোঁতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আতঁৰি থাকিব। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।

শুভ নম্বৰ :- 3

শুভ ৰং :- কেশৰী আৰু হালধীয়া

চিকিৎসা :- নিজৰ ইষ্ট-দেৱতা হালধীয়া ফুল অৰ্পন কৰক ইয়াৰ ফলত আৰ্থিক স্থিতি ভালে থাকিব।

তুলা ৰাশি – মনত জমা হৈ থকা সমস্যা অথবা অসুবিধা সমূহ প্ৰকাশ নকৰিলে মানসিক ভাৱে হতাশ হৈ যাব পাৰে। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব ।

শুভ নম্বৰ :- 5

শুভ ৰং :- সেউজীয়া আৰু ৰত্ন

চিকিৎসা :- এই মন্ত্ৰৰ উচ্চাৰণ কৰক ‘ ওম সূৰ্য নাৰায়াণায় নমো নমঃ ‘ ।

বৃশ্চিক ৰাশি – নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যৰ সহায় লওক। এখেতৰ সহায়তা খোলা মনেদি স্বীকাৰ কৰক, নিজৰ ভাৱনাক হেচি ধৰক কিন্তু লুকাই নাৰাখিব। নিজৰ সমস্যা সমূহ অন্যৰ লগত ভাগ-বটৰা কৰিলে আপোনাৰ লাভান্বিত হব। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। আপোনাৰ পৰিয়ালৰ সদস্য সমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ’লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। কথাবোৰ সঠিক ভাৱে বুজি পাব চেষ্টা কৰিব লাগে ন’হলে খালী থকা সময়খিনিত এইবোৰ কথা ভাৱি বেছি সময় নষ্ট হয়। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব।

শুভ নম্বৰ :- 7

শুভ ৰং :- মাখন আৰু বগা

চিকিৎসা :- দেহাত ভিন্ন ৰংৰ দাগ থকা কুকুৰ ঘৰত ৰাখি পালন কৰিলে স্বাস্থ্যৰ উন্নতি হ’ব।

ধনু ৰাশি – গৰ্ভ্বতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আপুনি এনেকুৱা গতিবিধিৰ লগত সংলগ্ন হোৱাৰ দৰকাৰ যত আপুনি নিজৰ দৰে ৰুচি থকা মানুহক লগ কৰাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। আজি আপোনাাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰৰ আশা কৰিব পাৰে। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হব পাৰে।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ’ব পাৰে। জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আপোনালোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- বাৰ্লি, মূলা আৰু ক’লা সৰিয়হৰ দান কোনোবা খুজি খোৱা লোকক কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

মকৰ ৰাশি – অনিচ্ছাকৃত ভাৱে অহা চিন্তা ধাৰা সমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব । শান্ত আৰু চিন্তিত নহ’বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। অংশীদাৰী ব্যৱসায় সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনা সমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ উচ্চাকাংক্ষা সমূহক ডাঙৰ কাৰোবাৰ লগত ভাগ-বতৰা কৰক ,যি জনে আপোনাক সহায়ৰ হাত আগ বঢ়াব পাৰে। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। কিছুমান ব্য্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।

শুভ নম্বৰ :- 4

শুভ ৰং :- মটীয়া আৰু ছাই ৰং

চিকিৎসা :- ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে শৰীৰত যিকোনো প্ৰকাৰৰ হালধীয়া সূতা অথবা সোণৰ হাৰ পৰিধান কৰক।

কুম্ভ ৰাশি – মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। সন্ধিয়াৰ সময়খিনিত হঠাৎ লাভ কৰা কোনো ভাল খবৰ আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু উৎসাহৰ এক কাৰণ বুলি প্ৰমাণ হব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মী ৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দূৰ্বল কৰি তুলিব পাৰে ,এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহব ।

শুভ নম্বৰ :- 2

শুভ ৰং :- ৰূপালী আৰু বগা

চিকিৎসা :- মঙ্গল গ্ৰহক ভূমি পুত্ৰ বুলি কোৱা হয় ,সেইবাবে প্ৰত্যেক পুৱা মাটি ভৰিদি চুৱা ৰ আগতে ভূমি মাতাক সেৱা কৰি ললে ইয়াৰ ভাল প্ৰভাৱ আপোনাৰ কৰ্ম জীৱনত পৰিব।

মীন ৰাশি – ধ্যান আৰু যোগ আপোনাক শাৰীৰিক আৰু মানসিক ৰূপ ত শক্তিশালী কৰিব আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। জীৱন সংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। পূৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আজি আপোনাৰ বৰিষ্ঠ সকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

শুভ নম্বৰ :- 8

শুভ ৰং :- ক’লা আৰু নীলা

চিকিৎসা :- দুৰ্গা সপ্তশতি পাঠ কৰিলে পাৰিবাৰিক জীৱন সুখী হব।

Leave A Reply

Your email address will not be published.