ধুবুৰীৰ গোলোকগঞ্জ আৰক্ষীৰ তীব্ৰ অভিযান।
আকৌ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰীৰ গোলোকগঞ্জ আৰক্ষীৰ তীব্ৰ অভিযান। জব্দ কৰিলে বৃহত পৰিমাণৰ সন্দেহজনক ব্ৰাউন ছুগাৰ সহ আটক কৰিলে দুজনকৈ ড্ৰাগছ মাফিয়াক । প্ৰাপ্ত তথ্য মতে এক গোপন সুত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে হালাকুৰাৰ জিনকাটা দ্বিতীয় খণ্ড গাঁৱত চলাইছিল অভিযান।অভিযানত বিধান ৰায় (২৮) আৰু হুছেইন আলী (১৮) নামৰ দুজন ড্ৰাগছ মাফিয়াক ড্ৰাগছ সৰবৰাহ কৰোতে হাতেলেটে আটক কৰিবলৈ সক্ষম হয় বৃহৎ আৰক্ষীৰদলটোৱে।আটকাধীন ড্ৰাগছ মাফিয়া দুজনৰ পৰা আৰক্ষীয়ে ২৪ টাকৈ সন্দেহজনক ব্ৰাউন ছুগাৰৰ কন্টেনাৰ আৰু এটা চপ বক্স জব্দ কৰে। আটকাধীন বিধান ৰায়ৰ ঘৰ হালাকুৰাৰ জিনকাটা দ্বিতীয় খণ্ড গাঁৱত আৰু হুছেইন আলীৰ ঘৰ পোকালাগী পঞ্চম খণ্ডত বুলি জানিৱ পৰা গৈছে ৷ ধুবুৰী , গৌৰীপুৰ , বালাজান , গোলকগঞ্জ , আগমনি আৰু হালাকুৰা আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে যিমানেই কঠোৰ ভুমিকা পালন কৰি আহিছে সিমানেই ৰমৰমীয়া বাবে বেহা চলাই আহিছে ৷ড্ৰাগছ মাফিয়া সকলে দেখা গৈছে আগে—আগে আৰক্ষী সকলক দেখা গৈছে পিছে—পিছে খেদি—খেদি আটক কৰা ৷