অসম মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যবস্থা

0

অসম মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যবস্থা। স্থল পথ সহ নৈ পথৰে দিনে নিশা চলিছে টহল। সীমান্তৰ শান্তি সম্প্ৰতি বজায় ৰখাৰ লক্ষ্যৰে জিৰিবামৰ আৰক্ষী অধীক্ষকৰ লগত বৈঠক কাছাৰ আৰক্ষী অধীক্ষকৰ । মণিপুৰৰ জিৰিঘাটৰ ৬ গৰাকী মেইটেই শিশু আৰু মহিলাৰ হত্যাৰ পাছত উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰ ৰাজ্য । মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পাছত অসম মণিপুৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে কাছাৰ আৰক্ষীয়ে ৷ মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰভাৱ যাতে কাছাৰত নপৰে তাৰবাবে সীমান্তত দিনে নিশাই টহল দিআছে আৰক্ষীৰ জোৱান সকলে । স্থল পথ সহ নৈ পথৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে কাছাৰ আৰক্ষীয়ে ৷ দিনৰ পোহৰৰ সমান্তৰালকৈ নিশাৰ আন্ধাৰতো সীমান্তৰ বৰাক নৈৰ মাজত যন্ত্ৰ চালিত নাওৰে ইমুৰৰ পৰা সিমুৰলৈ টহল দিছে কাছাৰ আৰক্ষী সহ কামান্ডো ব্যাটেলিয়ানে ৷ মণিপুৰৰ পৰা কোনো দুষ্কৃতিকাৰীয়ে যাতে কাছাৰত প্ৰবেশ কৰি কোনো ধৰণৰ কুঠাগাত সংঘটিত কৰিব নোৱাৰে তাৰবাবে সীমান্তৰ স্থল পথ সহ নৈ পথত চুকা দৃষ্টি ৰাখিছে কাছাৰ আৰক্ষীয়ে । প্ৰতিদিনেই সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই। আনকি নিশাৰ ভাগত নিজেই আৰক্ষীৰ জোৱান সকলৰ লগত নৈ পথেৰে সীমান্তত টহল দি আছে আৰক্ষী অধীক্ষক গৰাকীয়ে। লগতে সীমান্তত অঞ্চলৰ শান্তি সম্প্ৰতি বজায় ৰখাৰ লক্ষ্যৰে প্ৰায় প্ৰতিদিনেই মণিপুৰৰ জিৰিবামৰ আৰক্ষী অধীক্ষকৰ লগত বৈঠকত মিলিত হৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা। যোৱা নিশা অসম মণিপুৰ সীমান্তত জিৰিবামৰ আৰক্ষী অধীক্ষক ৰবিনচন সিং আৰু কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা এক বৈঠকত মিলিত হয়। জিৰিবাম উত্তপ্ত পৰিস্থিতিৰ প্ৰভাৱ যাতে সীমান্তৰ কাছাৰত নপৰে তাৰবাবে দুই এচপি ৰ মাজত দীৰ্ঘ সময়ত বৈঠক হয়। বৈঠকৰ পাছত কাছাৰৰ আৰক্ষী নোমাল মাহাত্তাই কেমেৰা সম্মুখত কয় যে, কাছাৰৰ সীমান্তত হৈছে মণিপুৰৰ জিৰিবাম জিলা। আৰু এই জিৰিবাম জিলাত যোৱা কেইদিন ধৰি গক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে । আৰু জিৰিবামৰ এই উত্তপ্ত পৰিস্থিতিৰ প্ৰভাৱ যাতে অসমৰ কাছাৰত নপৰে তাৰবাবে সীমান্তত কড়া পহৰা ৰখা হৈছে। স্থল পথ সহ নৈ পথেৰে কাছাৰ আৰক্ষীৰ চলিছে টহল ৷ যদি কোনো দুষ্কৃতিকাৰীয়ে মণিপুৰৰ পৰিস্থিতি কাছাৰত সৃষ্টি কৰিব বিচাৰে তেনেহলে তেওঁৰ ওপৰত কঠোৰ পৰা কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হব বুলি সকিয়নী প্ৰদান কৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই আনহাতে মণিপুৰৰ শেহতীয়া পৰিস্থিতি লৈ মণিপুৰৰ জিৰিবাম আৰক্ষী অধীক্ষক ৰবিনচন সিং এ কেমেৰাৰ সম্মুখত কয় যে, যোৱা কেইদিন ধৰি জিৰিবামৰ পৰিস্থিতি উত্তপ্ত হৈ আছিল যদিও এতিয়া জিৰিবামৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৷ সীমান্তত অঞ্চলত কাছাৰ আৰক্ষীয়ে মণিপুৰ আৰক্ষীক যথেষ্ট সহায় সহযোগিতা কৰি আছে বুলি মন্তব্য কৰে জিৰিবাম আৰক্ষী অধীক্ষক ৰবিনচন সিং এ

Leave A Reply

Your email address will not be published.