আজি সিলচৰ মেডিকেল কলেজ হাসপাতালৰ পৰা নয় গৰাকীৰ মৃতদেহ
অৱশেষত আজি সিলচৰ মেডিকেল কলেজ হাসপাতালৰ পৰা নয় গৰাকীৰ মৃতদেহ চমজিলৈ সেসকৃত সম্পন্ন কৰিব জিৰিবাম জয়েন্ট একচন কমিটিয়ে l মণিপুৰৰ জিৰিবাম জিলাৰ জৌগ্রাডৰত ১১ নভেম্বৰ ভয়ংকৰ হিংসা বিয়পিছিল l আৰু হিংসাত ইয়াৰ পিছৰ পৰা মেইটেই কণমানি, পুৰুষ-মহিলালৈ মৃতদেহ উদ্ধাৰ হৈছিল নয় গৰাকীৰ l পিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ অনা হৈছিল সিলচৰ মেডিকেল কলেজ হাসপাতাললৈ l কিন্তু মৰণোত্তৰ পৰীক্ষা হৈছিল যদিও মৃতকৰ পৰিয়ালক লগতলৈ ন্যায় বিচাৰ আৰু ক্ষতিপূৰণ আদায়ৰ বাবে মণিপুৰ চৰকাৰক দাবী জনাই মৃতদেহ চমজি লোৱা নাছিল জিৰিবাম জয়েন্ট একচন কমিটিয়ে l
আৰু এতিয়া মণিপুৰ চৰকাৰে তেওঁলোকৰ দাবী মানি লোৱাত আজি পৰিয়ালৰ লগত জয়েন্ট একচন কমিটিয়ে মৃতদেহ চমজি আনি জিৰিবামত শেষকৃত সম্পন্ন কৰিব l তাৰবাবে প্রস্তুতি সম্পন্ন কৰি তুলিছে বুলি জানিবপৰা গৈছে