কামপুৰত লম্পট স্বামীৰ আতিশয্যাৰ বলি পত্নী

0

এগৰাকী ছ বছৰীয়া কন্যা সন্তানৰ মাতৃয়ে এতিয়া ন্যায় বিছাৰি জনাইছে কাতৰ আহ্বান।স্বামী আৰু শাহুৰৰ নানান অত্যাচাৰৰ বলি হোৱা ৬ বছৰীয়া কণমানি শিশুৰ মাতৃ এগৰাকীৰ কৰুণ কাহিনীয়ে কামপুৰ-কঠীয়াতলী অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে কামপুৰৰ পাচনিজাৰৰ নিবাসী লীনা শৰ্মাই কঠীয়াতলীৰ জ্যোতি নগৰৰ বিকাশ শৰ্মাৰ লগত ১২ বছৰ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হৈছিল ৷ তাৰ পিছত লীনা শৰ্মাৰ গৰ্ভত এটি সন্তান স্থিতি লোৱা গম পাই স্বামী বিকাশ শৰ্মা আৰু শাহুৱে সন্তানটিক নষ্ট কৰিবলৈ নানান চল চাতুৰিত লিপ্ত হয় ৷ সন্তানটি নষ্ট নকৰি লীনা পিতৃ গৃহলৈ গুচি আহি এটি ছোৱালী সন্তান জন্ম দিছিল ৷ ইয়াৰ পিছতে কৰ্ম সূত্ৰে গুৱাহাটীৰ নুনমাটিত থকা বিকাশে ফেচবুকত কেবাটাও ফেক একাউন্ট খুলি পত্নী লীনাক অশুভনীয় বাৰ্তালাভ পঠিয়াই লীনাৰ চৰিত্ৰ বেয়া বুলি নানান কুট কৌশল অৱলম্বন কৰে ৷ ইপিনে লম্পট চৰিত্ৰৰ বিকাশ শৰ্মাই গুপনে আন এগৰাকী মহিলাৰ লগতো অবৈধ সম্পৰ্ক থকা বুলি মন্তব্য কৰে ৷ লম্পট স্বামী বিকাশে মাজে সময়ে নিজ ঘৰতে আহি পত্নীৰ ওপৰত অযথা মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ৷ উপায়হীন হৈ লীনাই কঠীয়াতলী আৰক্ষী চকীত আহি এজাহাৰ দিয়াত পুলিচে লীনাক লগত লৈ বিকাশ শৰ্মাক আটক কৰি থানাত নি কিছু দাবী ধমকি দি স্বামী-স্ত্ৰীক মিলাই দিয়ে ৷ আৰক্ষীয়ে বিকাশৰ শাৰীৰিক পৰীক্ষা কৰি সু শৰীৰে পত্ৰত স্বাক্ষৰ ৰাখি বিকাশৰ মাতৃৰ উপস্থিতিত ঘৰত যাব দিয়ে ৷ কিন্তু পুলিচে বিকাশক মাৰপিট কৰি হাত-ভৰি ভাঙি পঙ্গু কৰিছে বুলি প্ৰায় দুদিন পিছত মিছা অভিযোগ তুলি সংবাদ মাধ্যমত বাতৰি পৰিবেশন কৰে। লগতে পুলিচে স্বামী বিকাশ শৰ্মাক মাৰপিট কৰাৰ কথাটো ৰাজহুৱা কৈ স্বীকাৰ নকৰিলে পত্নী লীনাক বিকাশে গ্ৰহণ নকৰে বুলি উল্লেখ কৰি চৰম ভাবুকি দিয়ে ৷যাৰ বাবে ভুক্তভোগী লীনা শৰ্মাক ন্যায় দিবলৈ কাঁতৰ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.