ৰাজ্যত পুনৰ মুন্না ভাই MBBS ৰ দপদপনি

0

ভুল চিকিৎসাৰ বলি হল দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতী মহিলা।ভুল চিকিৎসা কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ।

অভিযোগ অনুসৰি জুৰীয়াৰ নগাবন্ধা গাঁৱৰ মফিজুল ইছলামৰ কন্যাৰ কঁকালৰ বিষ হোৱাত লৈ গৈছিল ছোট ৰূপহীৰ চিৰাজ আলীৰ ফাৰ্মাচীত।

ছোট ৰূপহীত দপদপনি চলোৱা ফাৰ্মাচীৰ গৰাকী চিৰাজ আলীয়ে ফাৰ্মাচীত কঁকালত অস্ত্ৰোপচাৰ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে ভূক্তভোগী পৰিয়ালে।তাৰ পিছতেই আৰু বহু সমস্যাই দেখা দিয়ে মফিজুল ইছলামৰ কন্যাৰ।

ৰিক্সা চলাই পৰিয়ালক পুহপাল দিয়া মফিজুল ইছলামে পৰিয়াল পুহপাল দিব নে কণ্যাক চিকিৎসা কৰিব এয়া লৈ অত্যন্ত চিন্তিত হৈ পৰিছে।

উপায় বিহীন হৈ ভূক্তভোগী পৰিয়ালে চিৰাজ আলীৰ বিৰুদ্ধে হয়বৰ গাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।

কাকো কেৰেপ নকৰাকৈ ফাৰ্মাচী গৰাকী চিৰাজ আলীয়ে নিজৰ ফাৰ্মাচীত এইদৰে চিকিৎসা কৰিবলৈ কোনে অনুমতি প্ৰদান কৰিলে?

স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত ছিৰাজ আলীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হে হব লক্ষণীয়।

Leave A Reply

Your email address will not be published.