ঝসকাল পাঠ 3 এজন বিধয়া তথা বৃদ্ধ মহিলা 50 বছৰত নাপালে এখন চৰকাৰী ঘৰ।
ঝসকাল পাঠ 3 এজন বিধয়া তথা বৃদ্ধ মহিলা 50 বছৰত নাপালে এখন চৰকাৰী ঘৰ।
গোলকগঞ্জৰ অন্তৰ্গত ঝসকাল পাঠ 3 বাসিন্দা কুসুমবালাৰ ৰায়ৰ ঘৰৰ অবস্থা চালে আপোনাৰ চকুত পানী আহিব। কুসুমবালাৰ বিয়াৰ পিছতে স্বামী ৰ মৃত্যু হয় , তেওঁৰ কোনো লৰা ছোৱালী হোৱা নাই, মানুহৰ ঘৰে ঘৰে ভিক্ষা খুজি খায় বুলি জানিব পৰা গৈছে।
তেওঁ এটা ছোনৰ ঘৰতে বসবাস কৰি আছিল কিন্তু ৬ মাহ হৈ গল কুসুমবালা ৰায়ে থকা ঘৰ খন ভাঙি পৰি জায় , এই ভঙা ঘৰতে বসবাস কৰি আছে কুসুমবালা ৰায়ে, এই কুসুমবালা ৰায়ে মেম্বাৰ, প্ৰেছিডেন্টৰ ঘৰৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে কিন্তু কোনো এজন জন প্ৰতিনিধি কুসুমবালা ৰায়ক এখন ঘৰ দিব পৰা নাই। ঘৰ নথকাৰ কাৰনে বৰ্তমান মানুহৰ ঘৰত ৰাতি কটাবলা হৈছে মহিলা গৰাকীৰ।
গাওঁৰ মানুহে অসম চৰকাৰক অনুৰোধ জনায় জাতে এই অসহায় মহিলা গৰাকী থাকিবলৈ ঘৰৰ এটা ব্যাৱস্থা কৰি দিয়ে তাৰে অনুৰোধ জনায়।