যোৰহাটত সুমনজ্যোতি শইকীয়াৰ” কণ্ঠত “হ’বানে মোৰ” গীত উন্মোচন

0

যোৰহাট প্ৰেছ ক্লাবত গীত উন্মোচনী অনুস্থান অনুষ্ঠিত।সুমনজ্যোতি শইকীয়াৰ কণ্ঠত “হ’বানে মোৰ” শীৰ্ষক গীতৰ শুভ উন্মোচন কৰে
চিনামৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনন্দৰাম শইকীয়া,জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোঁহাই,পৰিচালক শিল্পী জয়ন্ত নাথ,গীতিকাৰ সুৰকাৰ প্ৰসেনজিৎ লাহনে।
অনুস্থানৰ আৰম্ভণীতেই বন্ত্বি প্ৰজলনেৰে শুভাৰম্ভ কৰে চিনামৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনন্দৰাম শইকীয়াই।জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোঁহাইয়ে সঞ্চালনা কৰা অনুস্থানত উপস্থিত থাকি ভাষণ আগবঢ়ায় বিশিষ্ট ব্যক্তিসকলে।আনহাতে এই গীতটিৰ কথা প্ৰণৱ কৃষ্ণাত্ৰেয়,কৰিয়গ্ৰাফী এল কে,সংগীত-সঞ্জয় হাজৰিকা,কেমেৰা ৰাজীৱ দাস,ইদিতিং দেৱজিৎ দত্ত,ভইজ ৰেকৰ্ডিং টফিকজিৎ ভৰালীৰ। কোৱাভাৰ ষ্টুডিঅ’ত ৰেকৰ্ডিং কৰা এই গীতটি আঁকোৱালি লবলৈ সকলো ৰাইজক আহ্বান জনাইছে কলা কুশলখ সকলে।লগতে গীতটি ইউটিউবত উপলব্ধ হব বুলি জানিৱলৈ দিয়ে।

Leave A Reply

Your email address will not be published.