আজি বিশ্ব প্ৰতিবন্ধী দিৱস ।

0

আজি বিশ্ব প্ৰতিবন্ধী দিৱস । ১৯৯২ চনৰে পৰাই ৰাষ্ট্ৰসংঘই ৩ ডিছেম্বৰৰ দিনটো সমগ্ৰ বিশ্বজুৰি পালন কৰি আহিছে বিশ্ব প্ৰতিবন্ধী দিৱস ৰূপে । মূলত: বাধাগ্ৰস্ত লোকসকলক সমমৰ্যদা প্ৰদান, তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণৰ হকে পালন কৰি অহাই এই দিনটোৰ তাৎপৰ্য। দেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ চাপৰত পালন কৰে বিশ্ব প্ৰতিবন্ধী দিৱস। চাপৰ শালকোচা শিক্ষা খণ্ডৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষাৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে পালন কৰে এই দিৱস। ৰাতিপুৱা পতোকা উত্তোলন কৰি, ছাত্ৰ ছাত্ৰী সকলক লৈ সমদল বাহিৰ কৰাৰ পিছত ছাত্ৰ ছাত্ৰ সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা মূলক খেল ধেমালিৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য গীতেৰে এই দিৱস পালন কৰা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.