বোকাজানৰ মহকুমাধিপতি কাৰ্যলয়লৈ এক বিশাল সমদলৰ লগতে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰা পৰিলক্ষিত হয়।

0

লোক জাগৰণ মঞ্চ পূব কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও দল সংগঠনৰ সহযোগত আজি বোকাজানৰ ভাৰত সেৱাশ্রম প্ৰণৱ বিদ্যাপীঠ বিদ্যালয়ৰ পৰা বোকাজানৰ মহকুমাধিপতি কাৰ্যলয়লৈ এক বিশাল সমদলৰ লগতে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰা পৰিলক্ষিত হয়।

বাংলাদেশত আজি কিছুদিন ধৰি হিন্দু লোক সকলৰ ওপৰত হোৱা বৰ্বৰ অত্যাচাৰ,পণ্ডিত সকলক জেলত ভৰাই থোৱা,নাৰী ধৰ্ষণ আদি কাৰ্য সমূহৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰতিবাদ কাৰী সকল।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানতো প্ৰতিবাদ সাব্যস্ত কৰি এইসমূহ কাৰ্য অতি শীঘ্ৰে সমাধান কৰিবিলৈ মোহকুমাধিপতি জৰিয়তে ভাৰত চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কেইবা শতাধিক লোকে বিভিন্ন ধৰণৰ প্লে কার্ড হাতত লৈ মোহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.