দীৰ্ঘদিনীয়া এটা সমস্যা সমাধানৰ দাবীত একত্ৰিত হল টিহুৰ ৫ খনকৈ গাওৰ গঞা ৰাইজ ।
সকলো ফালৰ পৰা ওলাই আহিল ৰাইজ! দীৰ্ঘদিনীয়া এটা সমস্যা সমাধানৰ দাবীত একত্ৰিত হল টিহুৰ ৫ খনকৈ গাওৰ গঞা ৰাইজ ।
পৰিবৰ্তন শ্লগান গোৱা বিজেপি চৰকাৰৰ দিনতেই দীৰ্ঘদিনে বিধ্বস্ত বাট পথেৰে অহা যোৱা কৰি আহিছে টিহু আখৰা সংযোগী গড়কাপ্তানি পথেৰে অহা প্ৰতিজন পথচাৰীয়ে ।
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোৰ ৰাইজে আজিলৈ নেদেখিলে উন্নত যাতায়ত ব্যৱস্থা ।যাৰ বাবে টিহুৰ বৰগাঁৱত No Road, No Vote ধ্বনি ৰাইজৰ । পথৰ পুনৰনিৰ্মানৰ দাবীত ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচী।
বিধ্বস্ত বাট পথৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ।