বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী সমাৰোহ উপলক্ষে লাইখুঁটা স্থাপন।
মৈৰাবাৰীৰ কাষৰীয়া অঞ্চল দলৈগাঁৱত ১৯৪৭ চনত স্থাপন হোৱা “বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়” খনে ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অহা ডিচেম্বৰ মাহৰ ২১,২২, আৰু ২৩ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপন কৰাৰ আয়োজন কৰিছে।
মহাৰজত জয়ন্তী উপলক্ষে আজি বিদ্যালয় খনৰ খেলপথাৰত আনুষ্ঠানিক ভাৱে লাইখুটা স্থাপন কৰাৰ লগতে বিদ্যালয় তথা অঞ্চলৰ বিশেষঃ স্থান কেইখনক সামৰি লৈ প্ৰস্তুত কৰি উলিওৱা এটি থিম ছঙ মুকলি কৰা হয়।
অতিকৈ পিছপৰা মুছলিম অধ্যুষিত অঞ্চলটোত এখন শিক্ষানুষ্ঠানে ৭৫ বছৰ অতিক্ৰম কৰাটো অঞ্চলটোৰ বাবে অতিকৈ গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে আজিৰ লাইখুটা স্থাপনৰ সময়ত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা লাহৰিঘাট শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া বাহাৰুল ইছলামে।
আনহাতে অন্যান্য আমন্ত্ৰিত ব্যক্তি সকল ক্ৰমে ৰাষ্ট্ৰপতি পুৰষ্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষক আব্দুল গফুৰ, বিদ্যালয় খনৰ অধ্যক্ষ আব্দুল কুদ্দুচ ,মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰিয়াজুল হক,অৱসৰী শিক্ষক ইব্ৰাহিম আলি, আকবৰ আলি খান, নগাঁও সোঁনাই একাডেমীৰ স্বত্বাধিকাৰী নুৰুল আমীন, শিক্ষক শ্বৰীফুল ইছলাম, তফাজুল হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক ৰহম আলি,বিদ্যালয় খনৰ পৰিচালনা কমিটিৰ সভাপতি আনোৱাৰ হুছেইন, নাগাবান্দা হাইস্কুলৰ পৰিচালনা কমিটীৰ সভাপতি হবিবুৰ ৰহমান, প্ৰাক্তন ছাত্ৰ আবদিদাৰকে কৰি অঞ্চলটোৰ বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য গণ্য মান্য ব্যক্তি সকল।