সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।
ৰূপহীহাটৰ কাঞ্চনপুৰত কংগ্ৰেছৰ বৃহৎ খহনীয়া, সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। নতুনকৈ চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা কাঞ্চনপূৰ গাঁওপঞ্চায়তত কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰে সহস্ৰাধিক লোকে ৰকিবুল হুছেইনৰ গো মাংসৰ বিতৰ্কৰ পিছতেই কংগ্ৰেছ কৰ্মী সকলে দলে বলে যোগদানৰ জোৱাৰ বিজেপিত। বিজেপি দলৰ প্রতি আকৃষ্ট হৈ কংগ্ৰেছ কৰ্মী সকলে যোগদান কৰে বিজেপি দলত। বিজেপি নেতা সুৰেশ বৰা আৰু যুৱ নেতা মজিবুৰ ৰহমানৰ উপস্থিতিত যোগদান কৰে কংগ্ৰেছ কৰ্মী সকলে। ৰকিবুল হুছেইনে গো মাংস আৰু গাহৰি মাংসলৈ ব্যস্ত থাকক বিজেপি ২৬ৰ ৰণকৌশল আৰম্ভ কৰিছে মন্তব্য মজিবুৰ ৰহমানৰ। সংখ্যালঘু অঞ্চলত এতিয়া বিজেপিত যোগদানৰ হেতাউপৰা চলিছে ২৬ৰ বিধানসভা নিৰ্বাচনত চামগুৰি ৰূপহী আৰু ধিং সমষ্টি দলখৰ চেষ্টা অব্যাহত ৰাখিছে। কাঞ্চনপূৰ গাঁওপঞ্চায়তৰ সভাপতি বিজেপিত যোগদান কৰি কয় যে এয়াই বিজেপিৰ প্ৰথম সভা পঞ্চায়তখনত ইয়াৰ পূৰ্বে সভাও কৰিব পৰা নাছিল আগন্ত দিনত কংগ্ৰেছৰ শূণ্য হব আৰু বিজেপিৰ জয়ী হব বুলি মন্তব্য।