তিতাবৰৰ এল.কে.বি উপ ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা।
তিতাবৰৰ এল.কে.বি উপ ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা।
প্ৰয়াত যুগল ভূঞা সোঁৱৰণী দ্বিতীয় বাৰ্ষিক দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ। উদ্ধোধনী মেচত তিতাবৰ সাংবাদিক একাদশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় এল কে বি ক্ৰিকেট ক্লাৱৰ।
টচত জিকি প্ৰথমে বেটিং কৰিবলৈ নমা সাংবাদিক একাদশে সাংবাদিক চিত্তকমল বেজবৰাৰ অপৰাজিত ৮০ ৰাণৰ বিস্ফোৰক বেটিংৰ জৰিয়তে নিৰ্ধাৰণ ৫ অভাৰত ৯৭ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে যদিও এল কে বি দলে দুটা বল বাকী থকা অৱস্থাতে খেলখনত বিজয় সাব্যস্ত কৰে।
দেওবাৰৰ পৰা পাঁচ দিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰতিযোগিতা খনত বহু সংখ্যক দলে অংশগ্ৰহণ কৰিছে।