আজিৰ ৰাশি ফল …..
মেষ ৰাশি -ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ’ব। অন্য দিনৰ তুলনাত আজি আপোনাৰ সহকৰ্মী আপোনাক জানিব চেষ্টা কৰিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- ভ্ৰূণহত্যা এটা ঘৃণনীয় অপৰাধ সেয়ে ইয়াৰ লগত জড়িত নহ’ব আৰু কদাপিও গৰ্ভ্বতী মহিলাক অথবা সদ্য মাতৃ ক দুখ নিদিব। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে।
বৃষ ৰাশি – আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। যিকোনো ধুনীয় নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিক ভাৱে লাভান্বিত কৰিব। বেলেগৰ লগত ভাল ভাৱে ব্যৱহাৰ কৰক ,বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। ৱেব ডিজাইনাৰৰ বাবে এয়া এক বিশেষ দিন ,সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰক কাৰণ আজি আপুনি খ্যাতি লাভ কৰিব পাৰিব ,কিছুমান মানুহ বিদেশ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- প্ৰেমাস্পদক যিকোনো মাৰ্বল যুক্ত বস্তু স্মৰণীয় উপহাৰ হিচাপে দিয়ক আৰু প্ৰেম জীৱন ধুনীয়া কৰি তোলক।
মিথুন ৰাশি – আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হব। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় ,কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।
শুভ নম্বৰ :- 8
শুভ ৰং :- ক’লা আৰু নীলা
চিকিৎসা :- এটা ভাল কাৰ্য সক্ষম দিন আৰু জীৱনৰ বাবে কামৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ আগত কেশৰেদি তৈয়াৰী খাদ্যবস্তু গ্ৰহণ কৰি যাওক।
কৰ্কট ৰাশি – প্ৰেম, উদ্দীপনা , সহানুভূতি , আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনা সমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণ সমূহ আপোনাৰ মাজত থাকি যায় তেতিয়া হ’লে এই গুণ সমূহ যিকোনো সময়ত ধনাত্মক ভাৱে প্ৰকাশ হ’ব। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। যাক আপুনি ভাল পায় ,তেখেতৰ লগত থকা ভুল বুজাবুজি সমূহ আজি সমূলি দূৰ হৈ যাব পাৰে। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। কাৰ্য ক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- দুখীয়া আৰু প্ৰয়োজন থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ, নোট , স্কুলৰ ইউনিফৰ্ম আৰু লিখিবলৈ ব্যৱহৃত হোৱা সামগ্ৰী বিতৰণ কৰক ,এনেকুৱা কাৰ্যৰ ফলত আপোনাৰ বুধৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু প্ৰেম জীৱনৰ বাধাসমূহ দূৰ হ’ব।
সিংহ ৰাশি – আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। আজি আপুনি অতিৰিক্ত দায়িত্ব নিজৰ কান্ধত লব পাৰে ,যি আপোনাৰ বাবে বহুত বেছি আয়ৰ আৰু প্ৰতিষ্ঠাৰ কাৰণ হব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- প্ৰেমাস্পদক যিকোনো মাৰ্বল যুক্ত বস্তু স্মৰণীয় উপহাৰ হিচাপে দিয়ক আৰু প্ৰেম জীৱন ধুনীয়া কৰি তোলক।
কন্যা ৰাশি – ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নলব ,ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। ৰোমাঞ্চ অধিক আনন্দায়ী আৰু ৰোমাঞ্চকৰ হব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হব নোৱাৰিব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব ।
শুভ নম্বৰ :- 9
শুভ ৰং :- ৰঙা আৰু মেৰুণ
চিকিৎসা :- ঘৰত ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব।
তুলা ৰাশি – ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- শান্তিময় জীৱনৰ বাবে ভৰপুৱাতে উঠি সদায় পিতা অথবা পিতৃসম ব্যক্তিৰ পৰা আশীৰ্বাদ লওক।
বৃশ্চিক ৰাশি -গৰ্ভৱতী মহিলা সমূহৰ বাবে বহুত ভাল দিন । চলা ফিৰা আৰু ফুৰা চকা সময়ত বিশেষ ধ্যান ৰখা উচিত। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আজিৰ দিনাখন আপুুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- প্ৰবাহিত নদীত শ্ৰী-ফল (নাৰিকল) নিক্ষেপ কৰিলে সুস্বাস্থ্য অটুট থাকিব।
ধনু ৰাশি – মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোয়ে ভাল দিন ।আপুনি বুজিব লাগে যে মাদক দ্ৰৱ্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হব পাৰে। জীৱন সংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিক ভাৱে অশান্ত হৈ যাব । অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই , জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱে যে জীৱনত সকলো বস্তু পচন্দ মতে পৰিৱৰ্তন কৰিব পাৰে। ৰোমাঞ্চৰ বতৰ হয় ,কিন্তু নিজৰ ভাৱনা সমূহক নিয়ন্ত্ৰণত ৰাখক,নহ’লে সম্বন্ধত ফাটঁ মেলিব পাৰে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাৱি আছে তেন্তে আৱশ্যক হব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভাল কৈ জানি বুজি লওক। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। জীৱন সংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- ৰঙা কাপোৰত দুই মুঠি মছুৰ দালি বান্ধি লৈ কোনোবা দুখীয়া মানুহক আগ বঢ়ালে আপোনাৰ ব্যক্তিগত পাৰিবাৰিক জীৱন সুখময় হব।
মকৰ ৰাশি – ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খঙ উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হব পাৰে ।শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। বৈবাহিক জীৱনৰ উজ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- বিচনাৰ চাৰিওটা খুঁটাত তামৰ গজাল লগালে স্বাস্থ্যৰ পক্ষে ভাল ।
কুম্ভ ৰাশি – জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব ,এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভঙ্গ কৰিব পাৰে। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। আপোনাৰ বছ অথবা বৰিষ্ঠ সকলক আজি ঘৰত আমন্ত্ৰিত কৰাৰ বাবে এটা শুভ দিন । আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।
শুভ নম্বৰ :- 8
শুভ ৰং :- ক’লা আৰু নীলা
চিকিৎসা :- চাকৰি আৰু ব্যৱসায় ত ভাল প্ৰভাৱৰ বাবে গৰুক বগা ৰঙৰ মিঠাই খুৱাওক।
মীন ৰাশি – অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। আপোনাৰ কোনোবা ঘনিষ্ঠ জন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতেক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব ,নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব।
শুভ নম্বৰ :- 5
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
চিকিৎসা :- পাৰিবাৰিক জীৱন ভাল কৰিবৰ বাবে যিকোনো আমৰ অথবা আঁহত গছৰ ওচৰত 28 বাৰ সৰিয়হৰ তেলৰ টোপাল পেলাওক ,এই কাম আপুনি ঘৰৰ ভিতৰত টাব ত গছ ৰুইও কৰিব পাৰে।