বৰপেটাৰ সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা ।

0

বৰপেটাৰ সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা । চুৰিগৰুসহ গ্ৰেপ্তাৰ চাৰি গৰুচোৰ সৰ্থেবাৰী আৰক্ষীৰ জালত ।

Anchor : বৰপেটা সৰ্থেবাৰী আৰক্ষীয়ে গৰুচোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে । চুৰি গৰুসহ চাৰিটা গৰুচোৰক গ্ৰেপ্তাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে । গৰুচুৰি চক্ৰই বৰপেটাৰ সৰ্থেবাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ।

শুকুৰবাৰে নিশা সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত চলিছিল গৰুচুৰি চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান । সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম এলাদিৰ জুৰাণ আলীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছিল দুটাকৈ চুৰি গৰু । চুৰি গৰু দুটা উদ্ধাৰ কৰাৰ লগতে জুৰাণ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ইয়াৰ পাছতেই বিভিন্ন প্ৰান্তত অভিযান চলাই আন তিনিটা গৰুচোৰক আটক কৰে সৰ্থেবাৰী আৰক্ষীয়ে । ধৃত গৰুচোৰ কেইটা বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম এলাদিৰ জুৰাণ আলী, কামাৰপাৰাৰ আশ্ৰাফুল আলী, তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙা মুছলমান গাঁৱৰ চাইদুল আলী আৰু নলবাৰীৰ মুকালমুৱা থানাৰ অন্তৰ্গত কাপলাবড়ীৰ ফৰমান আলী বুলি জানিব পৰা গৈছে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি গৰু চক্ৰত জড়িত আছিল পূৰ্বেও সৰ্থেবাৰী আৰক্ষীয়ে আটক কৰিছিল ।

সৰ্থেবাৰীৰ আৰক্ষীয়ে নিজাববীয়াকৈ 168/2024 U/S 305/317(2)/3(5) নম্বৰত গোচৰ পঞ্জীয়ন কৰি আদালত হাজিৰ কৰায় আৰু আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

বাইট: ডালিম চন্দ্ৰ বড়ো , নাগৰিক সমিতি সৰ্থেবাৰী থানা।

Leave A Reply

Your email address will not be published.