সকলো জল্পনা কল্পনাৰ অন্ত পৰিল ।
ভংগ হ’ল বিজেপি নেতৃত্বাধীন ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ ।
সকলো জল্পনা কল্পনাৰ অন্ত পৰিল ।
ভংগ হ’ল বিজেপি নেতৃত্বাধীন ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ ।
পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ ।
মুখ্য কাৰ্যবাহীৰূপে তিনিটা বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই পাৰিষদ সকলৰ ৰোষত পৰি মুখ্য কাৰ্যবাহীৰ চকীৰ পৰা আঁতৰিল প্ৰতাপ কছাৰী ।
বিজেপিৰ গৰিষ্ঠসংখ্যক সদস্যই মুখ্য কাৰ্যবাহীগৰাকীৰ বিভিন্ন দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ মুখ্যমন্ত্ৰীক অৱগত কৰিছিল ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দলীয় নেতৃত্বই তেওঁক পদত্যাগ কৰিবলৈ আহ্বান জনায় ।
আজি শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ উপষ্ঠিতীত পৰিষদ খনৰ পৰা পদত্যাগ কৰে প্ৰতাপ কছাৰীয়ে ।
পৰিষদ খনৰ মুখ্য কাৰ্যবাহী সদস্য হিছাপে দায়িত্ব গ্ৰহন কৰে কুমুদ চন্দ্ৰ কছাৰীয়ে ।
তিতাবৰৰ পৰা চাজাদ আলিAne News Live ৰিপৰ্ট।