ৰাজ্যত বাংলাদেশ আৰু পাকিস্তানী মুছলিম ৰাষ্ট্ৰৰ জয়েছ ই মহাম্মাদ নামৰ কঠোৰ বিদ্ৰোহী উগ্ৰপন্থী নেতা—কৰ্মীৰ ঘাটিত পৰিণত হৈছে নেকি? বাংলাদেশ আৰু পাকিস্তান মুছলিম ৰাষ্ট্ৰৰ জয়েছ ই মহম্মদ নামৰ বিদ্ৰোহী উগ্ৰপন্থীৰ নেতা —সদস্যক আটক ৷

0

ৰাজ্যত বাংলাদেশ আৰু পাকিস্তানী মুছলিম ৰাষ্ট্ৰৰ জয়েছ ই মহাম্মাদ নামৰ কঠোৰ বিদ্ৰোহী উগ্ৰপন্থী নেতা—কৰ্মীৰ ঘাটিত পৰিণত হৈছে নেকি? বাংলাদেশ আৰু পাকিস্তান মুছলিম ৰাষ্ট্ৰৰ জয়েছ ই মহম্মদ নামৰ বিদ্ৰোহী উগ্ৰপন্থীৰ নেতা —সদস্যক আটক ৷

V/O=সমগ্ৰ দেশজুৰি যোৱা কিছুদিন ধৰি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু পাকিস্তান মুছলিম ৰাষ্ট্ৰৰ কঠোৰ বিদ্ৰোহী উগ্ৰপন্থী সংগঠন জয়েছ ই মহম্মদৰ নেতা— সদস্য আৰু সমৰ্থকক এন আই এ এছ টি এফ আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী বাহিনীয়ে আটক কৰি অহাৰ অহাৰ সময়ত উত্তৰ পূৰ্বাঞ্চল তথা এইখন ৰাজ্যত কেইবাজনো নেতা— সদস্যক আটক কৰি আহিছে।

গোৱালপাৰা আৰু বঙাইগাঁও জিলাতো কেইবাজনো সন্দেহযুক্ত লোকক আটক কৰিছিল।

কিন্তু এইসকল সন্দেহযুক্ত বিদ্ৰোহীৰ পৰা লাভ কৰা তথ্যমতে নামনি অসম তথা বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰাও মুঠ ৮ জন জয়েছ ই মহম্মদৰ কঠোৰ সন্দেহযুক্ত নেতা— সদস্যক এছ টি এফ আৰক্ষী বাহিনীয়ে বিভিন্ন অঞ্চলৰ পৰা অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়।

ইফালে প্ৰাপ্ত তথ্যমতে কোকৰাঝাৰ জিলাৰ জয়পুৰ ,খাচিপাৰা ,
ভোটগাঁও আৰু ভাঁদ্ৰেয়াগুৰিৰ পৰা হাকিম আলি মণ্ডল , হাবিজুৰ আলি , মজনু শ্বেখ, আমিদুল শ্বেখ, নুৰ ইছলাম,মজিবুৰ ৰহমান আৰু আব্দুল কৰিম নামৰ সন্দেহযুক্ত জেহাদী বিদ্ৰোহী উগ্ৰপন্থীক আটক কৰে এছ টি এফ বাহিনীয়ে।

একেদৰে ধুবুৰী জিলাটো অভিযান চলাই ইনামূল হক নামৰ বিদ্ৰোহীক আটক কৰে বাহিনীটোৱে ৷

ইয়াকলৈ এতিয়া সমগ্ৰ নামনি অসমতে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মোল্ল্যাৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.