হোজাইত ভূৱা নথিপত্ৰৰেপাচপোৰ্ট প্ৰস্তুত কৰি আৰক্ষীৰ জালত এজন।

0

হোজাইত ভূৱা নথিপত্ৰৰে
পাচপোৰ্ট প্ৰস্তুত কৰি আৰক্ষীৰ জালত এজন।
হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ জালত পৰিছে ভূৱা পাচপোৰ্ট প্ৰস্তুতকাৰী।
মোৰাঝাৰ আৰক্ষীৰ নিজা অনুসন্ধানত এইবাৰ পাছপৰ্ট জালিয়াতি কৰি আৰক্ষীৰ জালত পৰিছে নীলবাগানৰ এজন লোক।

ভুৱা নথিৰে পাচপোৰ্ট প্ৰস্তুত কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।
লোকজন নীলবাগানৰ ৰিবুল আলী বুলি জানিব পৰা গৈছে৷

পূৰ্বতে লোকজন পাচপোৰ্ট জালিয়াতিৰ অভিযুক্ত জনৈক আলকাচৰ সৈতে জালিয়াতিৰে পাচপোৰ্ট প্ৰস্তুত কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।
আজি ৰিবুলক মোৰাঝাৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰি এদিনৰ বাবে নিজৰ জিম্মাত লৈ আহে।
এতিয়া যাৱতীয় বিষয়ত মোৰাঝাৰ আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে৷

হেলাল আহমেদ মোৰাঝাৰ

Leave A Reply

Your email address will not be published.