কোনে কৈছে ধাৰ্মিক ব্যক্তি নাইঃ এইখন ৰাজ্যত এতিয়াও ধাৰ্মিক ব্যক্তি আছেঃধুবুৰীৰ গোলকগঞ্জ এজন ই ৰিক্সা চালকে লাভ কৰা সোনৰ গহনা ঘুৰাই দিলে এক লক্ষাধিক টকাৰ সোনৰ গহনা৷

0

কোনে কৈছে ধাৰ্মিক ব্যক্তি নাইঃ এইখন ৰাজ্যত এতিয়াও ধাৰ্মিক ব্যক্তি আছেঃধুবুৰীৰ গোলকগঞ্জ এজন ই ৰিক্সা চালকে লাভ কৰা সোনৰ গহনা ঘুৰাই দিলে এক লক্ষাধিক টকাৰ সোনৰ গহনা

ধুবুৰী জিলাৰ গোলকগঞ্জৰ এগৰাকী ব্যক্তিৰ মহামানুৱতা ৷

প্ৰাপ্ত তথ্য মতে ধুবুৰী জিলাৰ গোলকগঞ্জ ডাকঘৰৰ কৰ্মী বৰুন দাসৰ পত্নী নমিতা দাসে নিজৰ পুত্ৰ আৰু ককায়েকৰ লগত গৈ আছিল বঙাইগাঁও লৈ।

আছিল আত্মীয়ৰ বিয়া।

ৰেল ষ্টেচনলৈ যাবলৈ উঠিছিল ই ৰিক্সাত।

ৰেলষ্টেচন পাই নামি গল ই ৰিক্সাৰ পৰা।

কিন্তু এৰি গল সোনৰ গহনা আৰু টকাৰ বেগ।

ই ৰিক্সা গুচি গ’ল।

বেগ বিচাৰি লাগিল হাহাঁকাৰ।

গোটেই ৰেল ষ্টেচন, গোলকগঞ্জ বজাৰত বেগ বিচাৰি ব্যাকুল হৈ পৰিল পৰিয়ালৰ সকলোৱে।

উপস্থিত হল গোলকগঞ্জ থানাত।

ইতিমধ্যেই ই ৰিক্সা চালক সঞ্জয় চন্দ বেগ পাই উপস্থিত হল গোলকগঞ্জ থানাত।

আৰক্ষীৰ হাতত জমা দিলে লক্ষ্যাধিক টকাৰ সোনৰ গহনা আৰু টকাৰ বেগ।

আৰক্ষীয়ে সকলো চালি জাৰি চাই বেগ গতাই দিলে বৰুন দাসৰ পত্নী নমিতা দাসৰ হাতত।

হেৰুৱাই যোৱা বেগ পাই আনন্দত আত্মহাৰা হৈ পৰিল সকলোৱে।

বেগ খুলি সোনৰ গহনা আৰু টকা খিনি চাই বৰুন দাসৰ লগতে পত্নী নমিতা দাসে ধন্যবাদ জ্ঞাপন কৰিলে ই ৰিক্সা চালক সঞ্জয় চন্দক।

সকলোৱেই ই ৰিক্সা চালক সঞ্জয় চন্দৰ মহানুভৱতাক চ্যেলুট জনালে।

গোলকগঞ্জ আৰক্ষীয়েও ই ৰিক্সা চালক সঞ্জয় চন্দক ধন্যবাদ জ্ঞাপন কৰিলে।

বাইট ১- নমিতা দাস
বাইট ২- ই ৰিক্সাৰ চালক
বাইট ৩- গোলকগঞ্জ আৰক্ষী ৷

গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মোল্ল্যাৰ প্ৰতিবেদন ৷

Leave A Reply

Your email address will not be published.