আজিৰ ৰাশি ফল …….
মেষ ৰাশি – আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যবসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে ,কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজি এটা চাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব।
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- পৰিয়ালত সুখ আৰু শান্তিৰ অটুট স্থিতিৰ বাবে শান্ত মনে নিয়মিতভাৱে ঔমঃ ৰ ২৮ বাৰ উচ্চাৰণ কৰক।
বৃষ ৰাশি – আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে ,আৰু ইয়াৰ ফলত পৰিবেশৰো লাভ হব।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- আপোনাৰ নিত্য নৈমিত্তিক ধৰ্মীয় কাজ কৰ্মত বগা চন্দন আৰু গোপীচন্দন ,সেন্দুৰৰ লগত ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক সম্পদৰ বৃদ্ধি হ’ব।
মিথুন ৰাশি – জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব । যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে , সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখ সমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে । আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । সম্বন্ধীয় সকলৰ লগত লগ কৰি আশা কৰাতকৈ বেছি ভাল অনুভৱ কৰিব। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব -কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্ম খন আপোনাৰ মনপুত নহব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ’ব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। পৰিয়ালৰ লগত যিকোনো শ্বপিং ম’ল ত যোৱাৰ সম্ভাৱনা আছে, অৱশ্যে ইয়াৰ ফলত আপোনাৰ খৰচ হব পাৰে।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়ত মৌ সেৱন কৰিলে আপোনাৰ শাৰীৰিক উৰ্জা গোটেই দিন অটুট থাকিব।
কৰ্কট ৰাশি – আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশা সমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয় ,যি চুই দিয়াৰ লগত ফুটি যায়। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। হঠাৎ অহা দায়িত্বি আপোনাৰ আজিৰ দিনৰ যোজনাত বাধা দিব পাৰে , আপুনি অনুভৱ কৰিব যে আপুনি নিজতকৈ অধিক আনৰ কাম হে বেছিকৈ কৰিছে। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাৱি আছিল কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভৱামতে কাম নহব ।এই ক্থাটোয়ে আপোনাক চিন্তিত কৰি তুলিব। বিবাহিত জীৱনৰ ফালেদি চাব গলে আজি দিনটোত আপুনি ভৱাৰ দৰেই ভালকৈ পাৰ কৰিব পাৰিব। মানসিক শান্তি বহুত গুৰুত্ব পূৰ্ণ হয় এক সুস্থ শৰীৰৰ বাবে , শান্তিৰ বাবে আপুনি কোনোবা বাগিচা, মন্দিৰ অথবা নদীৰ পাৰত যাব পাৰে।
শুভ নম্বৰ :- 5
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
চিকিৎসা :- গৰুক বাৰ্লি খুৱালে ঘৰত ভাল ভাল মুহূৰ্ত উদযাপন হব।
সিংহ ৰাশি – আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত বেছি আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে ,সেয়ে লেন-দেনৰ লগত জড়িত কাম বোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে। নিবনুৱা সকলৰ আজি মন পচন্দৰ চাকৰি পোৱাৰ ক্ষেত্ৰত অসুবিধা হব পাৰে। আপুনি নিজৰ প্ৰয়াস আৰু বঢ়াই দিয়াৰ প্ৰয়োজন আছে।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- তামৰ বাচনত ওৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল।
কন্যা ৰাশি – আপুনি আজি মহত্বপূৰ্ণ নিৰ্ণয় ল’বলগীয়া হব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। গ্ৰহই আজি ধাৰ্মিক কাম -কাজ যেনে মন্দিৰত যোৱা ,দান-বৰঙনি আগ বঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব ।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- এলাচি ( বুধৰ প্ৰতিনিধি ) ৰ সেৱন কৰিলে আপোনাৰ স্বাস্থ্য ভাল হ’ব।
তুলা ৰাশি – প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হয়। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- পৰিয়াল সুচাৰুভাৱে চলিব যদিহে নিয়মিতভাৱে ৰামচৰিত মানস আৰু সুন্দৰকাণ্ড পাঠ কৰে।
বৃশ্চিক ৰাশি – আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। পূৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপুনি বেলেগক হহুঁৱাৰ স্বভাৱ টোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা কব বিচাৰি আছিল ,বহুত এনেকুৱা পূৰণি কথা মনত পৰিব যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব।
শুভ নম্বৰ :- 5
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
চিকিৎসা :- মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব।
ধনু ৰাশি – আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হব । যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে। আপোনাৰ শক্তি আজি বিনাকাৰণৰ কামত খৰচ হ’ব পাৰে। জীৱন ভালকৈ জীয়াব বিচাৰিছে যদি সময় সূচী মানি চলক।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- ঘৰত সুখ শান্তি বজাই ৰাখিবৰ বাবে এটা ৰূপৰ ফুলদানি বগা ৰঙৰ ফুল সজাই থওক।
মকৰ ৰাশি – আপোনাৰ ওচৰত স্বাস্থ্য আৰু ৰেহ-ৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। নিজৰ সন্তানক আজি সময়ৰ সদ্ব্যৱহাৰকৰিবলৈ উপদেশ দিব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। আজি ঘৰত থাকিব কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিব পাৰে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে বগা ৰঙৰ শহাপহুক ভোজন কৰাওক।
কুম্ভ ৰাশি – এনেকুুৱা গতিবিধিৰ লগত সংযোগ ৰাখক ,যি আপোনাক সতেজতা প্ৰদান কৰে। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আজিৰ দিনাখন আপুুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। স্বাস্থ্যক অৱহেলা কৰা বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে, আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰাওক।
শুভ নম্বৰ :- 9
শুভ ৰং :- ৰঙা আৰু মেৰুণ
চিকিৎসা :- নিজৰ সহোদৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ কোৱাৰ পৰা বাচক তেতিয়াহ’লে আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব।
মীন ৰাশি – বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফুৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব। মিডিয়া ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাল যাব।
শুভ নম্বৰ :- 7
শুভ ৰং :- মাখন আৰু বগা
চিকিৎসা :- সম্বৃদ্ধিশালী জীৱনৰ বাবে পৰিয়ালৰ পুৰুষ আৰু মহিলা সকল কপালত সেন্দুৰ লগাব লাগে।