খ্ৰীষ্টমাছ উপলক্ষে লামডিং বজাৰত উখল মাখল পৰিবেশ৷ এইবাৰ লামডিং বজাৰত গ্ৰাহকৰ ভীৰ যথেষ্ট কম ৷
খ্ৰীষ্টমাছ উপলক্ষে লামডিং বজাৰত উখল মাখল পৰিবেশ৷ এইবাৰ লামডিং বজাৰত গ্ৰাহকৰ ভীৰ যথেষ্ট কম ৷
লামডিং বজাৰতো পৰিলক্ষিত হৈছে বৰদিনৰ ৰং বিৰঙৰ বিভিন্ন সামগ্ৰী। বৰদিনত খ্ৰীষ্টমাছ ট্ৰীৰ বিশেষ গুৰুত্ব থাকে। লামডিং বজাৰত বিভিন্ন ধৰণৰ খ্ৰীষ্টমাছ ট্ৰী উপলব্ধ হৈছে। বৰদিনলৈ মাজত মাত্ৰ ১টা দিন বাকী। ২৫ ডিচেম্বৰত প্ৰভু যীশুৰ জন্মদিন উদযাপন কৰিব খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে৷ বৰদিনৰ প্ৰাকক্ষণত বজাৰ সমূহ ভৰি পৰিছে খ্ৰীষ্টমাছৰ বিভিন্ন সামগ্ৰীৰে। লামডিং বজাৰতো পৰিলক্ষিত হৈছে বৰদিনৰ ৰং বিৰঙৰ বিভিন্ন সামগ্ৰী। বৰদিনত খ্ৰীষ্টমাছ ট্ৰীৰ বিশেষ গুৰুত্ব থাকে। লামডিং বজাৰত বিভিন্ন মূল্যৰে পোৱা গৈছে খ্ৰীষ্টমাছ ট্ৰীৰ সমান্তৰালকৈ চান্টাক্ল’জ, চান্টাক্ল’জৰ টুপী, নানাৰঙী লাইট, জিংগল বেল, ষ্টাৰ, বিভিন্ন ৰঙৰ মালাকে ধৰি বহু সামগ্ৰী। দোকানৰ মালিকে কোৱা মতে বিগত বৰ্ষৰ তুলনাত এইবাৰ গ্ৰাহকৰ সঁহাৰি কিছু ভাল আৰু কিছু বেয়া বুলি জানিবলৈ দিয়ে। কিছুমান সামগ্ৰীৰ দাম বৃদ্ধি হৈছে আৰু কিছুমান সামগ্ৰীৰ দাম হ্ৰাস পাইছে বুলি উল্লেখ কৰে দোকানৰ মালিকে। এইদৰেই এতিয়া বৰদিন ওচৰ চপাৰ লগে লগে বজাৰ সমূহ ভৰি পৰিছে খ্ৰীষ্টমাছৰ বিভিন্ন সামগ্ৰী। সমান্তৰালকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলো সাজু হৈছে বৰদিন উদযাপনৰ বাবে। লামডিং বজাৰৰ দোকানৰ মালিকে কোৱা মতে বজাৰ বেছি ভাল নহয় কিন্তু বজাৰ ভাল হব বুলি আশাবাদী ৷ দোকানৰ মালিকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া পোৱা যায় ৷