মৰিয়নিৰ চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত।
মৰিয়নিৰ চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত।
AV পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন আয়োজনৰ ব্যাপক প্ৰস্তুতি চলি আছে যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত।অহা ২৭ ডিচেম্বৰ পৰা ২৯ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হব পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশনখন। ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে অধিবেশন খন অনুষ্ঠিত কৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলাই আছে।অধিৱেশনস্থলীত গ্ৰন্থমেলা, খাদ্য মেলা আৰু আহোম যুগৰ ঐতিহাসিক সামগ্ৰী সমুহৰ প্রদর্শনী স্থলী থাকিব।বুৰঞ্জীমূলক আলোচনাচক্র,টাই আহোমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনৰ উপৰি সন্ধিয়া স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পী জ্যোতিমালা বুঢ়াগোহাঁই আৰু মীৰ দ্বীপে গীত পৰিবেশন কৰিব।মুকলি সভাত কেইবাগৰাকী ইতিহাসবিধ, জাতি জনগোষ্ঠীৰ নেতৃত্বৰ লগতে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগেন মহনৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকিব।আনহাতে পাঁচশ যুৱতী আৰু মহিলাই ম’ খাম ফান টাই মীঙ অৰ্থাৎ টাই জাতীয় সংগীত পৰিবেশন কৰিব।২৯ ডিচেম্বৰৰ অন্তিম দিনা পুৱা এহেজাৰ যুৱতীয়ে টাই গীতত নৃত্য পৰিবেশন কৰিব।আজি অধিবেশন স্থলীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱা লগতে উদযাপন সমিতিক দিহা পৰামৰ্শ আগবঢ়াই।
মৰিয়নিৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট