মাতৃ হ’ল ‘গোপী বহু’!
দেৱলীনা ভট্টাচাৰ্যৰ কোলা শুৱনি কৰিবলৈ আহিল ল’ৰা নে ছোৱালী?
সমাজৰ ৰঙা চকু আৰু ধৰ্মীয় বাধানিষেধক আওকান কৰি
শ্বাহনৱাজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী।
মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য ওৰফে সকলোৰে প্ৰিয় গোপী বহু। টেলিভিছনৰ ‘গোপী বহু’ হিচাপে খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছিল দেৱলীনাই। নিজৰ জিম প্ৰশিক্ষক শ্বাহনৱাজ শ্বেখৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকী। তেওঁ জনাইছিল যে এটা জিমত চিনাকি হৈছিল দুয়ো। বিয়াৰ পূৰ্বে ৩ বছৰ ধৰি সম্পৰ্কত আছিল তেওঁলোক ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে নিজেই জনাইছে, পুত্ৰ সন্তানৰ আগমন হৈছে তেওঁলোকৰ জীৱনলৈ। আৰতি সিং, পাৰছ ছাৱৰাৰ দৰে অভিনেতাই শুভেচ্ছা জনাইছে তেওঁলোকক।চলিত বছৰৰ আগষ্টত গৰ্ভৱতী হোৱাৰ কথা ঘোষণা কৰিছিল এই অভিনেত্ৰীগৰাকীয়ে। তাৰ পিছত মাতৃত্বকালীন অৱস্থা উপভোগ কৰিছিল। শ্বাহনৱাজক প্ৰেমৰ প্ৰস্তাৱ দিছিল পৰ্দাৰ ‘গোপী বহু’য়ে। বিয়াৰ বাবে নিজেই উদ্যোগ লৈছিল। সমাজৰ ৰঙা চকু আৰু ধৰ্মীয় বাধানিষেধক আওকান কৰি শ্বাহনৱাজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী।দেৱলীনাক অন্তিমবাৰ দেখা গৈছিল ‘কুকি’ ছবিত। ২০১০ৰ পৰা ২০১৭ পৰ্যন্ত টেলিভিছন শ্ব’ ‘ছাথ নিভানা ছাথিয়া’ত গোপী বহুৰ চৰিত্ৰত অৱিনয় কৰাৰ বাবে আটাইতকৈ জনপ্ৰিয় তেওঁ। ইয়াৰ উপৰি ‘বিগ বছ ১৩’, ‘বিগ বছ ১৪’ আৰু ‘বিগ বছ ১৫’তো অংশগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে