Dr. Manmohan Singh: অসমৰ পৰা ৫ বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ড° মনমোহন সিং, জানক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিষয়ে সবিশেষ
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান। ৯২ বছৰ বয়সত দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আজি সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ৮:০৬ বজাত দিল্লীৰ AIIMSৰ জৰুৰীকালীন বিভাগত ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল। কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো নিশা ৯:৫১ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ড° মনমোহন সিঙৰ। দিল্লীৰ AIIMS কৰ্তৃপক্ষই জনোৱা অনুসৰি, বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হয় ড° মনমোহন সিঙৰ।
ড° মনমোহন সিঙৰ জন্ম আৰু শিক্ষা
১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত পঞ্জাৱৰ গাহ (বৰ্তমান পাকিস্তানৰ)ত জন্ম হৈছিল ড০ মনমোহন সিঙৰ। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত পৰিয়ালৰ সৈতে আহিছিল ভাৰতলৈ। মনমোহন সিঙে অতি কম বয়সতে মাতৃক হেৰুওৱাত আইতাকে তুলি-তালি ডাঙৰ দীঘল কৰে। মনমোহন সিঙৰ গাঁৱত সেইসময়ত বিজুলী সংযোগো নাছিল। কেৰাচিনৰ চাকিৰ পোহৰত পঢ়া-শুনা কৰি উচ্চ শিক্ষা লাভ কৰিছিল মনমোহন সিঙে। মনমোহন সিঙে অমৃতসৰৰ হিন্দু কলেজত অধ্যয়ন কৰিছিল। তাৰপাছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫২ চনত স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অক্সফ’ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল মনমোহন সিঙে। ১৯৫৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ইকনমিক্স ট্ৰাইপছ সফলতাৰে সমাপ্ত কৰে মনমোহন সিঙে আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডিফিলো কৰিছিল। মনমোহন সিঙে ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈকে ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনত (UNCTAD) কাম কৰিছিল। সিঙে বৈদেশিক বাণিজ্য মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে কাম কৰিছিল। তেওঁক নিযুক্তি দিছিল ললিত নাৰায়ণ মিশ্ৰই
ড° মনমোহন সিঙে লাভ কৰা বঁটা আৰু সন্মান
১৯৮৭ চনত সিঙক ‘পদ্ম বিভূষণ’ বঁটা প্ৰদান কৰা হয়। ১৯৯৩ চনত ইউৰোমানি আৰু এছিয়ামনীয়ে তেওঁক বছৰৰ বিত্তমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। ২০০২ চনত তেওঁক অসাধাৰণ সংসদীয় বঁটা প্ৰদান কৰা হয়। ২০০৫ চনত টাইমে মনমোহন সিঙক ‘বিশ্বৰ শীৰ্ষ ১০০ প্ৰভাৱশালী লোক’ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।
ড° মনমোহন সিঙৰ কৰ্মজীৱন
১৯৭২ চনত মনমোহন সিং বিত্ত মন্ত্ৰালয়ৰ মুখ্য উপদেষ্টা আৰু ১৯৭৬ চনত বিত্ত মন্ত্ৰালয়ৰ সচিব হয়। ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড০ মনমোহন সিঙে। ১৯৮৫ চনৰ পৰা ১৯৮৭ চনলৈ ভাৰতীয় পৰিকল্পনা আয়োগৰ উপ-সভাপতি আছিল। ১৯৯১ চনত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ ১৯৯১ চনৰ জুন মাহত পি ভি নৰসিংহ ৰাওৰ কেবিনেটত বিত্তমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ভাৰতৰ উত্তৰ উদাৰীকৰণৰ বাবে দায়বদ্ধ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত মনমোহন সিং আছিল অন্যতম। অসমৰ পৰা ১৯৯১ চনত ৰাজ্যসভাত নিৰ্বাচিত হোৱা মনমোহন সিং ১৯৯৫, ২০০১, ২০০৭ আৰু ২০১৩ চনত পুনৰ নিৰ্বাচিত হয়। মনমোহন সিং ২০০৪ চনৰ ২২ মে’ত ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী হয়।