নতুন বছৰতে যুগ্ম জীৱনৰ পাতনি মেলিব বেহাৰবাৰী আউট পোষ্টৰ ‘মোহন’খ্যাত অভিনেতা দীপজ্যোতি কেওটে কইনা কোন? অসমৰ অভিনয় জগতৰ এক চিনাকি মুখ দীপজ্যোতি কেওট

বেহাৰবাৰী আউট পোষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অসমবাসীৰ মনত এক বিশেষ স্থান দখল কৰিছে অভিনেতাগৰাকীয়ে। বেহাৰবাৰী আউট পোষ্টৰ মোহন চৰিত্ৰৰে সকলোৰে মনজয় কৰিছে দীপজ্যোতি কেওটে।
নতুন বৰ্ষৰ প্ৰাকক্ষণত নতুন খবৰ দিলে মোহন অৰ্থাৎ দীপজ্যোতি কেওটে।
আগন্তুক বৰ্ষতে নতুন জীৱনৰ পাতনি মেলিব মোহন নামেৰে খ্যাত দীপজ্যোতি কেওটে।অৰ্থাৎ ৰীল লাইফত কমলৰ ভনীয়েক’ৰ প্ৰেমত পাগল হৈ থকা মোহনে অৱশেষত ৰিয়েল লাইফত বিচাৰি পালে নিজৰ বাগদত্তা।
২০২৫ৰ ফেব্ৰুৱাৰীতে যুগ্মজীৱনৰ পাতনি মেলিব অভিনেতা দীপজ্যোতি কেওটে।
কোন হ’ব দীপজ্যোতি কেওটৰ কইনা?
কাৰ ডিঙিত দীপজ্যোতি কেওটে দিব মালাধাৰি?
ক’ত অনুষ্ঠিত হ’ব দীপজ্যোতি কেওটৰ বিবাহ?
বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি নগাঁৱৰ নিজ গৃহতে অনুষ্ঠিত হ’ব দীপজ্যোতি কেওটৰ বিবাহ অনুষ্ঠান।অৱশ্যে দীপজ্যোতি কেওটৰ কইনাৰ নাম কি, ক’ত ঘৰ সেয়া জানিব পৰা হোৱা নাই। অভিনেতাগৰাকীয়ে এতিয়াই নিজৰ কইনাৰ নাম প্ৰকাশ কৰিব বিচৰা নাই।