জুৰীয়াৰ কৃষকৰ মূৰত ৰামটাঙোন ৷
জুৰীয়াৰ কৃষকৰ মূৰত ৰামটাঙোন ৷ অথলে গল কৃষকৰ কপালৰ ঘাম আৰু গাঠিৰ ধন৷জুৰীয়াৰ পাইকাৰী বজাৰত পানীৰ দৰত বিক্ৰী শাক পাচলি ।
বিক্ৰী কৰিবলৈ অনা পাচলি একাংশই বিক্ৰী কৰিব নোৱাৰাত কৃষকৰ চকুত চকুলো। জুৰীয়াৰ কৃষকসকলে এইবেলি অভিলেখ পৰিমানৰ শাক পাচলি উৎপাদন কৰি কাৰ্যত: এক সেউজ বিপ্লবৰ সূচনা কৰিছে ৷
পিছে কঠোৰ শ্ৰম আৰু গাঁঠিৰ ধন ভাঙি উৎপাদন কৰা শস্যৰ এইবাৰ নূন্যতমো দাম নোপোৱাত কৃষকৰ অৱস্হা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷
ৰাজ্যখনত শাক পাচলিৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক বাৰুকৈ জলা খুৱাই থকাৰ সময়ত জুৰীয়াৰ কৃষক সকলে কলা মূৰৰ ঘাম মাটিত পেলাই হাড় ভঙা পৰিশ্ৰমেৰে উৎপাদন কৰা বেঙেনা সম্প্ৰতি প্ৰতি কিলো ১০ টকা, কেৰেলা ১২ টকা, বিলাহী ১৫টকা , জলকীয়া ১৫ টকা, উৰহি ১০ টকা, ফুল কবি ১০ টকা কিলোত বিক্ৰী কৰিব লগা হোৱাত কৃষকৰ ককাল ভাঙি পৰাৰ লগতে নিম্নগামী দামে কৃষকৰ মূৰত সোধাইছে ৰামটাঙোন ৷
কৃষক সকলে নিজৰ খেতিত ব্যৱহাৰ কৰা বীজ,সাৰ,কীটনাশক আদিৰ বাবে ব্যয় কৰা মূলধন উঠি অহাটো দুৰৰ কথা বজাৰলৈ নিয়াৰ পৰিবহন ব্যয়ো নোপোৱাত দুখীয়া কৃষক সকলে হাহাকাৰ কৰিব লগা হৈছে। শাক পাচলিৰ এনে নিম্নগামী দামে জুৰীয়াৰ কৃষকসকল হতাশাগ্ৰস্হ হৈপৰাৰ লগতে যি সকল কৃষকে সুতত ধনলৈ খেতি কৰিছিল সেইচাম কৃষকৰ অৱস্হা আৰু সূচনীয় হৈ পৰিছে ৷