ডিগবৈত তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন
ডিগবৈত তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন ।
পুৱা পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি সোনমনি চলিহাই, স্মৃতিতৰ্পন কৰে সম্পাদক কাঞ্চন বৰা আৰু সুধাকণ্ঠ ভুপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি ত পুষ্পাঞ্জলি প্ৰদান কৰে সাহিত্যিক পুণ্য শইকীয়াই ।
বসুন্ধৰা আচনিয়ে খিলঞ্জীয়া অসমীয়াৰ ভূমি অধিকাৰ নিশ্চিত কৰিব নোৱাৰে — পলাশ চাংমাই।
ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা ৫ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি কৰক – পলাশ চাংমাই।
সাংবিধানিকভাবে কেৱল ভূমিপুত্র, খিলঞ্জীয়া আৰু অসমীয়াসকলকহে মাটি কিনা-বেচা কৰাৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় নেতাগৰাকীয়ে।