আজিৰ আজিৰ ফল …….
মেষ ৰাশি -আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশা সমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয় ,যি চুই দিয়াৰ লগত ফুটি যায়। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। বন্ধুৰ লগত মিলি কিছু ভাল আৰু ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবৰ বাবে এয়া ভাল সময়। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হব। নিজৰ ফট’গ্ৰাফীৰ গুণ্টোৰ সদ্ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটোৰ ছবি বোৰ চাই আপুনি নষ্টালজিয়া অনুভৱ কৰিব।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- তুলসী পাতৰ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ।
বৃষ ৰাশি – আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে ,কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। আজি বহুত ধুনীয়া দিন -চিনেমা, পাৰ্টী আৰু বন্ধুৰ লগত ঘুৰা-ফুৰা কৰাৰ সম্ভাৱনা আছে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- পৰিয়ালৰ সদস্যসমূহক যোগা আৰু প্ৰাণায়মৰ প্ৰতি অনুপ্ৰাণিত কৰক যাতে আপোনালোকৰ পাৰিবাৰিক সম্বন্ধ আৰু অধিক শক্তিশালী হৈ উঠক।
মিথুন ৰাশি -নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব, অলপ দখল দিলে একো নাই ,ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। পৰিয়ালৰ লোক সকল আপোনাৰ আশা-আকাংক্ষা থিয় হব নোৱাৰিব । এই কথা কেতিয়াও নাভাবিব যে তেখেত আপোনাৰ সকলো কথা মানি লব অথবা আপোনাৰ মতে কাম কৰিব , আনকি নিজৰ কাম কৰাৰ পদ্ধতিৰ সলনি কৰক। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে, তাত মাদ্যদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ’ব পাৰে।
শুভ নম্বৰ :- 9
শুভ ৰং :- ৰঙা আৰু মেৰুণ
চিকিৎসা :- মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব।
কৰ্কট ৰাশি -আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথা টো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটিব পাৰে। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তু বোৰৰ অনুভৱ আপুনি আজি কৰিব । দিন ভাল আছে আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিল্খিলাই হাহিব পাৰে।
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- আৰ্থিক স্থিতিক শক্তিশালী কৰিবৰ বাবে সূৰ্য মন্ত্ৰ আৰু আৰতি পাঠ কৰক।
সিংহ ৰাশি – আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হব পাৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হল জীৱন সংগীৰ লগত ভাল ভাৱে আত্মীয়তাৰে কথা পাতক। মনৰ কথাসমূহ প্ৰকাশ কৰাটো বহুত জৰুৰী ,ইয়াৰ ফলত প্ৰেমত গভীৰতা বাঢ়ে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- প্ৰেম জীৱনত সুখ আৰু শান্তি বজাই ৰাখিবৰ বাবে সপ্তাহত যিকোনো এদিন নিমখ নিদিয়াকৈ আহৰ গ্ৰহণ কৰক।
কন্যা ৰাশি -ভিৰ ভাৰ থকা ঠাইত যাত্ৰা কৰা সময়ত বিশেষকৈ ৰক্তচাপ ৰোগী সকল অতিৰিক্ত সাৱধান হোৱআৰ আৱশ্যকতা আছে। আপোনাৰ পূৰণী বেমাৰ এটাই আজি উক দিব পাৰে যাৰ ফলত আপুনি চিকিৎসালয় লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হব পাৰে। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ’ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈয়ো অধিক ভাল পায় । আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । আজি সপোনৰ পৃথিৱীত আপুনি হেৰাই যাব পাৰে , আপোনাৰ এই ব্যৱহাৰে ঘৰৰ মানুহখিনিক চিন্তিত কৰি তুলিব।
শুভ নম্বৰ :- 9
শুভ ৰং :- ৰঙা আৰু মেৰুণ
চিকিৎসা :- ক’লা কুকুৰক ভোজন কৰালে আপোনাৰ নিষ্ক্ৰিয়তা ভাৱ দূৰ হব পাৰে।
তুলা ৰাশি – কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল’ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ’লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে, এইটো এটা মনোৰঞ্জক যাত্ৰা হব আৰু আপুন নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- ছোৱালী আৰু মহিলাসকল চন্দ্ৰমাৰ প্ৰতীক, সেইবাবে কেতিয়াও নাৰীক মনত অথবা শৰীৰত আঘাত দিব নালাগে । নিজৰ প্ৰেমিকাক সদায় সন্মান কৰক তেতিয়াহ’লে প্ৰেম জীৱন বহুত সুখৰ হ’ব।
বৃশ্চিক ৰাশি – জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱন সংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ লব পাৰে। যদি আপুনি নিজৰ দিন অধিক ভালকৈ নিয়ন্ত্ৰিত ভাৱে চলাই তেন্তে আপুনি আপোনাৰ সময়ৰ অধিক ভালকৈ আমেজ লব পাৰিব আৰু সময়ৰ সদ্ব্যৱহাৰো কৰিব পাৰিব।
শুভ নম্বৰ :- 5
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
চিকিৎসা :- নিতৌ লক্ষ্মী চালিচা আৰু আৰতি পাঠ কৰিলে প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বেছি ভাল হ’ব।
ধনু ৰাশি -ওচৰ-পাজৰৰ লোক সমূহৰ সহযোগে আপোনাক সুখদ অনুভূতি প্ৰদান কৰিব। আজি আপুনি মাটি ,ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনা সমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। বেলেগৰ জীৱনত হস্তক্ষেপ কৰাৰ পৰাৰ আজি বিৰত থাকক। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব। আজি আপুনি খঙত পৰিয়ালৰ কোনোবা এজন সদস্যক বেয়াকৈ ক’ব পাৰে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- পাৰিবাৰিক জীৱনৰ বান্ধোন অধিক শক্তিশালী কৰিবলৈ হলে কল গছৰ শিপা ঘৰ অথবা অফিচত ৰাখক।
মকৰ ৰাশি – এই মানুহ গৰাকীৰ কথা ভালকৈ মন দিন শুনক ,হ’ব পাৰে আপুনি জীবনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। বন্ধুৰ লগত ঘুৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব। কিন্তু বেছি খৰছ নকৰিব, নহ’লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘুৰি আহিব। অনাকাংক্ষিত ভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ কিন্তু খেলা-ধুলাত ইমানো ব্যস্ত নহব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। বাদ্যযন্ত্ৰ বজাব জানে যদি আজি আপোনাৰ দিন সংগীতময় ভাৱে অতিবাহিত হব পাৰে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- ঘৰত এনেই পৰি থকা বাচনখিনিত কাঁহৰ টুকুৰা এটা ৰাখিলে আৰ্থিক স্থিতি ভালে থাকিব।
কুম্ভ ৰাশি -নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। বৰিষ্ঠ জনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। জীৱন সংগীৰ অসুস্থতা আপোনাৰ কাম-কাজৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে ,কিন্তু আপুনি কিবা প্ৰকাৰে বস্তু বোৰ ধৰি ৰখাত সক্ষম হব। আজি জীৱনত আপুনি কোনোবা বিশেষ এজনক মনত পেলাব পাৰে।
শুভ নম্বৰ :- 8
শুভ ৰং :- ক’লা আৰু নীলা
চিকিৎসা :- পাৰিবাৰিক জীৱনত সুখ সম্বৃদ্ধি বৃদ্ধি কৰিব হলে হনুমান মন্দিৰত বুন্দিয়া আৰু লাৰু ভোগ হিচাপে নিবেদন কৰক।
মীন ৰাশি – কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। নতুুন ৰূপ-ৰং, নতুন কাপোৰ ,নতুন বন্ধু-বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল’ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে ,যি আপোনাক পৃথিৱীৰ আন সংগীত ক পাহৰাই দিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয় । আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গল বুলি দুখ কৰি নাথাকিব ,এতিয়া কেনেকৈ বাকী থকা সময় খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক।
শুভ নম্বৰ :- 6
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া
চিকিৎসা :- পৰিয়ালত সুখ আৰু সম্বৃদ্ধি অটুট ৰাখিবৰ বাবে মাকক বহুত সন্মান আৰু মৰম কৰিব।