৩ শ্রমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে ঊমৰাংদ্ভুত সেনাৰ টাস্ক ফ’চ
৩ শ্রমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে ঊমৰাংদ্ভুত সেনাৰ টাস্ক ফ’চ
ডিমা হাছাও জিলাৰ উমবাংছু অঞ্চলৰ কয়লাখনিত আৱদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে। মঙলবাৰে এই তথ্য প্রদান কৰে বিষয়াসকলে। আৱদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সেনাবাহিনীৰ সহায় বিচাৰিছিল।
সেনাবাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, ‘অসমৰ ডিমা হাছাও জিলাৰ দুৰ্গম ঔদ্যোগিক চহৰ উমবাংদ্ভুত আৱদ্ধ শ্রমিক সকলক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ’র্চ মোতায়েন কৰিছে।
টাস্ক ফ’ৰ্চ ডাইভাৰ, চেপাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰে সজ্জিত। ভাৰতীয় সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলো অসামৰিক প্ৰশাসনৰ সৈতে সমন্বয় স্থাপন কৰি আৱদ্ধ শ্রমিকসকলক যিমান পাৰি সোনকালে উদ্ধাৰৰ বাবে উপস্থিত হৈছে বুলি কোৱাৰ লগতে, কয় যে সাহায্য টাস্ক ফ’ৰ্চত ডুবাৰু, চেপাৰ আৰু অন্যান্য প্রাসংগিক কর্মীসকলো আছে, যাৰ হাতত প্রয়োজনীয় সা-সৰঞ্জাম আদিয়ো আছে।
কিন্তু উদ্ধাৰ কাৰ্য কঠিন হৈ পৰিছে। ১০০ ফুটলৈ বৃদ্ধি পাইছে পানীৰ স্তৰ। সেই পানীতেও উপঙি উঠিছিল আজি ৩ শ্রমিকৰ নিথৰ দেহ।
মুখ্যমন্ত্রী শর্মাই কয় যে উমবাংছু অঞ্চলৰ কয়লা খনিটোত আবদ্ধ হৈ থকা ৯ জন শ্রমিক চিনাক্ত কৰা হৈছে। খনিটোত আবদ্ধ হৈ থকা শ্রমিকক উদ্ধাৰৰ বাবে ৰাজ্য প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি কয়লা খনিটোত আবদ্ধ হৈ থকা ১ জন শ্রমিকৰ ভিতৰত এজন নেপালৰ নাগৰিক, এজন পশ্চিম বংগৰ আৰু বাকীসকল অসমৰ বিভিন্ন অঞ্চলৰ।
শ্রমিক সকলৰ নাম – গংগা বাহাদুৰ শ্রেষ্ঠ, হুছেইন আলী, জাকিৰ হুছেইন, সর্পা বর্মন, মুস্তাফা শ্বেইখ, খুছি মোহন বায়, সঞ্জীত সৰকাৰ, লিজান মাগৰ আৰু শৰৎ গয়ৰী।
কিন্তু ইয়াৰে ৩ গৰাকী শ্রমিকৰ আজি মৃতদেহ উপত্তি উঠে। পানীত ওপতি থকা অৱস্থাত উদ্ধাৰ হোৱা তিনি শ্রমিক হুছেইন আলী, মুস্তাফা শ্বেইখ আৰু জাকিৰ হুছেইন বুলি চিনাক্ত।
ইয়াবে হুছেইন আলী আৰু মুস্তাফা শ্বেইখৰ ঘৰ দৰং জিলাৰ বগৰীবাৰীত।
দুয়ো এসপ্তাহৰ পূর্বে নিয়োজিত হৈছিল উমবাংছ কয়লা খনিত কামৰ বাবে।
আনহাতে এতিয়া অবৈধ খননৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্রী। অবৈধ খনন বোধৰ বাবে জাৰি কৰিছে কঠোৰ নির্দেশনাও।
খননত জড়িত পুনিছ নুনিচাক গ্রেপ্তাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ২/২০০৫ নং গোচৰ কজু।