নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডলl

0

নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৰজাআলি মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ হৈছে ২০২৫ বৰ্ষৰ প্রথম পৰ্যায়ৰ গুণোৎসৱ।

ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত আৰু সক্রিয় কৰিবৰ বাবে শিক্ষা বিভাগে বিদ্যালয় সমূহত আৰম্ভ কৰিছে গুণোৎসৱ।এইবৰ্ষত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লগীয়া এই গুণোৎসৰ প্রথম পৰ্যায়ত সামৰি লৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে নগাঁও জিলাকো।ৰাজ্যৰ শিক্ষাখণ্ডত সষ্টমবাৰৰ বাবে অয়োজন কৰা গুণোৎসৱৰ আজি দ্বিতীয় দিন ।

অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয়া পৰ্যায়ৰ গুণোৎসৱৰ।

জিলা খনৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত মাধৱ সমল কেন্দ্ৰৰ ৰজাআলি মধ্য ইংৰাজী বিদ্যালয়ত পুৱাৰেই পৰা বিদ্যালয় খনত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত আৰম্ভ কৰিছে গুণোৎসৱৰ স্ব মূল্যায়ন পৰীক্ষা।

বিগত বৰ্ষৰ গুণোৎসব প্রক্রিয়াত উক্ত বিদ্যালয়খনে যথেষ্ট ভাল মানদণ্ডৰ ফলাফল দেখুৱালৈ সক্ষম হোৱা বিদ্যালয়খনে এইবাৰো যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

আজি পুৱাই বিদ্যালয় খনত উপস্থিত থাকে গুণোৎসৱ বহী মূল্যায়ক নৰজুল ইছলাম , চি.আৰ .চি.চি হাবিবুৰ ৰহমান, পৰিচালনা সমিতিৰ সভাপতি মাইনুদ্দিন ,শিক্ষক ফকুৰ উদ্দিন আলি আহমেদ ,সমাজ সেৱক জহুৰ আলী লগতে


শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক , মাতৃ গোট , পৰিচালনাৰ সমিতিৰ সদস্য সকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.